Muslim99Muslim99
← Tafsir library

12. Yusuf

Joseph · Meccan · 111 ayahs

سُورَةُ يُوسُفَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 71–80 of 111

71

قَالُوا۟ وَأَقْبَلُوا۟ عَلَيْهِم مَّاذَا تَفْقِدُونَ

They said while approaching them, "What is it you are missing?"

ইউছুফৰ ভাতৃসকলে পিছফালে ঘূৰি চাই আহ্বান কৰা ব্যক্তি আৰু তাৰ সঙ্গীসকলক উদ্দেশ্যি ক'লেঃ তোমালোকৰ কি হেৰাইছে, যাৰ কাৰণে তোমালোকে আমাক চুৰিৰ অপবাদ দি আছা?

72

قَالُوا۟ نَفْقِدُ صُوَاعَ ٱلْمَلِكِ وَلِمَن جَآءَ بِهِۦ حِمْلُ بَعِيرٍۢ وَأَنَا۠ بِهِۦ زَعِيمٌۭ

They said, "We are missing the measure of the king. And for he who produces it is [the reward of] a camel's load, and I am responsible for it."

আহ্বান কৰা ব্যক্তি আৰু তাৰ সঙ্গীসকলে ইউছুফৰ ভাতৃসকলক উদ্দেশ্যি ক'লেঃ ৰজাই খাদ্য সামগ্ৰী ওজন কৰি দিয়া পাত্ৰটো আমি হেৰাইছো। অনুসন্ধানৰ পূৰ্বেই যিয়ে সেই পাত্ৰটো ওলাই আনিব সি পুৰষ্কাৰ লাভ কৰিব। পুৰষ্কাৰ হ'ব এক উটৰ বহন যোগ্য খাদ্য সামগ্ৰী। ইয়াৰ দায়িত্ব মই গ্ৰহণ কৰিলো।

73

قَالُوا۟ تَٱللَّهِ لَقَدْ عَلِمْتُم مَّا جِئْنَا لِنُفْسِدَ فِى ٱلْأَرْضِ وَمَا كُنَّا سَٰرِقِينَ

They said, "By Allah, you have certainly known that we did not come to cause corruption in the land, and we have not been thieves."

ইউছুফৰ ভাতৃসকলে ক'লেঃ আল্লাহৰ শপত তোমালোকে নিশ্চিতভাৱে জানা যে, আমি স্বচ্ছ আৰু নিৰপৰাধী। আমাৰ ব্যৱহাৰ দেখিয়ে হয়তো তোমালোকে গম পাইছা। পতিয়ন যাওঁক, আমি মিচৰত বিপৰ্যয় সৃষ্টি কৰিবলৈ অহা নাই। আমি জীৱনতো কেতিয়াও চুৰি কৰা নাই।

74

قَالُوا۟ فَمَا جَزَٰٓؤُهُۥٓ إِن كُنتُمْ كَٰذِبِينَ

The accusers said, "Then what would be its recompense if you should be liars?"

আহ্বানকাৰী আৰু তাৰ সঙ্গীসকলে ক'লেঃ তোমালোকৰ তাত চুৰিৰ শাস্তি কি, যদি তোমালোক চুৰিৰ আৰোপৰ পৰা নিৰ্দোষী হোৱাত ব্যৰ্থ হোৱা?

75

قَالُوا۟ جَزَٰٓؤُهُۥ مَن وُجِدَ فِى رَحْلِهِۦ فَهُوَ جَزَٰٓؤُهُۥ ۚ كَذَٰلِكَ نَجْزِى ٱلظَّٰلِمِينَ

[The brothers] said, "Its recompense is that he in whose bag it is found - he [himself] will be its recompense. Thus do we recompense the wrongdoers."

ইউছুফৰ ভাতৃসকলে সিহঁতক ক'লেঃ আমাৰ ইয়াত চুৰিৰ শাস্তি হৈছে এনেকুৱা যে, যাৰ ওচৰত চুৰি সামগ্ৰী উদ্ধাৰ হ'ব তাক চুৰি হোৱা সামগ্ৰীৰ মালিকৰ অধিনস্থ কৰি দিয়া হয় আৰু চোৰ তাৰ দাস বুলি গণ্য হ'ব। আমি চোৰক এইদৰে দাসত পৰিণত কৰি শাস্তি প্ৰদান কৰো।

76

فَبَدَأَ بِأَوْعِيَتِهِمْ قَبْلَ وِعَآءِ أَخِيهِ ثُمَّ ٱسْتَخْرَجَهَا مِن وِعَآءِ أَخِيهِ ۚ كَذَٰلِكَ كِدْنَا لِيُوسُفَ ۖ مَا كَانَ لِيَأْخُذَ أَخَاهُ فِى دِينِ ٱلْمَلِكِ إِلَّآ أَن يَشَآءَ ٱللَّهُ ۚ نَرْفَعُ دَرَجَٰتٍۢ مَّن نَّشَآءُ ۗ وَفَوْقَ كُلِّ ذِى عِلْمٍ عَلِيمٌۭ

So he began [the search] with their bags before the bag of his brother; then he extracted it from the bag of his brother. Thus did We plan for Joseph. He could not have taken his brother within the religion of the king except that Allah willed. We raise in degrees whom We will, but over every possessor of knowledge is one [more] knowing.

এতেকে সিহঁতৰ বস্তাসমূহ তালাচী লবলৈ সিহঁতক ইউছুফৰ ওচৰলৈ অনা হ'ল। ইউছুফে তেওঁৰ সহোদৰ ভাতৃৰ বস্তা তালাচী লোৱাৰ আগত প্ৰথমে তেওঁৰ বৈমাত্ৰেয় ভাতৃসকলৰ বস্তাৰ তালাচী লবলৈ আৰম্ভ কৰিলে, যাতে ভেদ প্ৰকাশ নাপায়। তাৰ পিছত তেওঁৰ সহোদৰ ভাতৃ বস্তাত তালাচী চলালে আৰু তাৰ পৰা ৰজাৰ ছা (ওজন কৰা পাত্ৰ) উদ্ধাৰ কৰিলে। আমি যিদৰে ইউছুফক তেওঁৰ ভাতৃৰ বস্তাত ওজন কৰা পাত্ৰটো থৈ দিয়াৰ উপায় সুলভ কৰি দিছিলো, সেইদৰে আৰু এটা উপায় সুলভ কৰি দিছিলো তেওঁ যাতে তেওঁৰ ভাতৃসকলৰ দেশত প্ৰচলিত চোৰৰ দণ্ডবিধি গ্ৰহণ কৰে। আনহাতে যদি ৰজাৰ দণ্ডবিধি মতে তেওঁ আগবাঢ়িলেহেঁতেন তেন্তে এয়া সম্ভৱ নহলহেঁতেন। কাৰণ ৰজাৰ দণ্ডবিধি মতে চোৰৰ শাস্তি হৈছে শাৰীৰিক শাস্তি আৰু জৰিমনা। এয়া সুকীয়া কথা যে, আল্লাহে ইচ্ছা কৰিলে বেলেগ কোনো কৌশল কৰিলেহেঁতেন, নিশ্চয় তেওঁ ক্ষমতাৱান। আমি আমাৰ বান্দাসকলৰ যাক ইচ্ছা, তাৰ মৰ্যাদা উচ্চ কৰি দিওঁ। যিদৰে আমি ইউছুফক উচ্চ মৰ্যাদা প্ৰদান কৰিছো। প্ৰত্যেক জ্ঞানী ব্যক্তিৰ ওপৰত আছে জ্ঞানী। আৰু সকলোৰে জ্ঞানৰ ঊৰ্দ্ধত আছে আল্লাহৰ জ্ঞান, তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ।

77

۞ قَالُوٓا۟ إِن يَسْرِقْ فَقَدْ سَرَقَ أَخٌۭ لَّهُۥ مِن قَبْلُ ۚ فَأَسَرَّهَا يُوسُفُ فِى نَفْسِهِۦ وَلَمْ يُبْدِهَا لَهُمْ ۚ قَالَ أَنتُمْ شَرٌّۭ مَّكَانًۭا ۖ وَٱللَّهُ أَعْلَمُ بِمَا تَصِفُونَ

They said, "If he steals - a brother of his has stolen before." But Joseph kept it within himself and did not reveal it to them. He said, "You are worse in position, and Allah is most knowing of what you describe."

ইউছুফৰ ভাতৃসকলে ক'লেঃ যদি এওঁ চুৰি কৰিছে তেন্তে এয়া কোনো আশ্চৰ্যৰ বিষয় নহয়। কাৰণ ইয়াৰ পূৰ্বে এওঁৰ সহোদৰ এজনেও চুৰি কৰিছিল। ইয়াৰ দ্বাৰা সিহঁতে ইউছুফৰ পিনে ইঙ্গিত কৰিছিল। এই কথাৰ দ্বাৰা ইউছুফে মনত যি আঘাত পাইছিল সেয়া তেওঁ মনতে পুহি ৰাখিলে। সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। বৰং মনে মনে ক'লেঃ তোমালোকে পূৰ্বেও যি ঈৰ্ষা আৰু দুৰ্ব্যৱহাৰ কৰিছা, সেয়া ইয়াতো প্ৰকাশ পাইছে। তোমালোকৰ এই অপবাদ সম্পৰ্কে আল্লাহ অধিক জ্ঞাত।

78

قَالُوا۟ يَٰٓأَيُّهَا ٱلْعَزِيزُ إِنَّ لَهُۥٓ أَبًۭا شَيْخًۭا كَبِيرًۭا فَخُذْ أَحَدَنَا مَكَانَهُۥٓ ۖ إِنَّا نَرَىٰكَ مِنَ ٱلْمُحْسِنِينَ

They said, "O 'Azeez, indeed he has a father [who is] an old man, so take one of us in place of him. Indeed, we see you as a doer of good."

ইউছুফৰ ভাতৃসকলে ইউছুফক ক'লেঃ হে আজীজ! এওঁৰ পিতৃ অতি বয়োজ্যেষ্ঠ, এওঁক বহুত মৰম কৰে। এতেকে এওঁৰ পৰিবৰ্তে আমাৰ মাজৰ কাৰোবাক আপুনি ৰাখি দিয়ক। নিশ্চয় আমি দেখা পাইছো আপুনি আমাৰ লগত তথা আন আন লোকসকলৰ উপকাৰ কৰে। এতেকে আমাক আৰু এটা উপকাৰ কৰক।

79

قَالَ مَعَاذَ ٱللَّهِ أَن نَّأْخُذَ إِلَّا مَن وَجَدْنَا مَتَٰعَنَا عِندَهُۥٓ إِنَّآ إِذًۭا لَّظَٰلِمُونَ

He said, "[I seek] the refuge of Allah [to prevent] that we take except him with whom we found our possession. Indeed, we would then be unjust."

ইউছুফ আলাইহিছ ছালামে ক'লেঃ আমি যাৰ বস্তাত ৰজাৰ ওজন পাত্ৰ পাইছো, তাক বন্দী কৰাৰ পৰিবৰ্তে কোনো নিৰ্দোষীক অন্যায়কাৰীৰ শাস্তি প্ৰদান কৰাৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰো। যদি আমি এনেকুৱা কৰো তেন্তে অৱশ্যে আমি অন্যায়কাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাম, কাৰণ দোষীক এৰি, নিৰ্দোষীক শাস্তি প্ৰদান কৰা হ'ব।

80

فَلَمَّا ٱسْتَيْـَٔسُوا۟ مِنْهُ خَلَصُوا۟ نَجِيًّۭا ۖ قَالَ كَبِيرُهُمْ أَلَمْ تَعْلَمُوٓا۟ أَنَّ أَبَاكُمْ قَدْ أَخَذَ عَلَيْكُم مَّوْثِقًۭا مِّنَ ٱللَّهِ وَمِن قَبْلُ مَا فَرَّطتُمْ فِى يُوسُفَ ۖ فَلَنْ أَبْرَحَ ٱلْأَرْضَ حَتَّىٰ يَأْذَنَ لِىٓ أَبِىٓ أَوْ يَحْكُمَ ٱللَّهُ لِى ۖ وَهُوَ خَيْرُ ٱلْحَٰكِمِينَ

So when they had despaired of him, they secluded themselves in private consultation. The eldest of them said, "Do you not know that your father has taken upon you an oath by Allah and [that] before you failed in [your duty to] Joseph? So I will never leave [this] land until my father permits me or Allah decides for me, and He is the best of judges.

যেতিয়া সিহঁতৰ এই আশা শেষ হৈ গ'ল যে, ইউছুফে সিহঁতৰ আবেদন গ্ৰহণ কৰিব, তেতিয়া পৰস্পৰে পৰামৰ্শ কৰিবলৈ মানুহৰ পৰা আঁতৰি গল। সিহঁতৰ মাজৰ ডাঙৰ ভাতৃয়ে ক'লেঃ মই তোমালোকক আকৌ মনত পেলাই দিছো যে, তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছে তেওঁৰ পুত্ৰক ওভোতাই লৈ যোৱাৰ নিমিত্তে। কেৱল এনেকুৱা বিপত্তিৰ বাহিৰে যাৰ পৰা ৰক্ষা পোৱা তোমালোকৰ ক্ষমতা নাই। ইতিপূৰ্বেও তোমালোকে ইউছুফ সম্পৰ্কে অৱহেলা কৰিছা তথা পিতৃৰ লগত কৰা প্ৰতিশ্ৰুতি ভঙ্গ কৰিছা। এতেকে মই মিচৰৰ ভূমি ত্যাগ নকৰিম যেতিয়ালৈকে মোক পিতৃয়ে প্ৰত্যাৱৰ্তন কৰাৰ অনুমতি নিদিব অথবা আল্লাহে মোক মোৰ ভাতৃক লগত লৈ যাবলৈ ফয়চালা নকৰে। অৱশ্যে আল্লাহ উত্তম ফয়চালাকাৰী। কাৰণ তেওঁ সত্য আৰু ন্যায় মুতাবিক ফয়চালা কৰে।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.