Muslim99Muslim99
← Tafsir library

12. Yusuf

Joseph · Meccan · 111 ayahs

سُورَةُ يُوسُفَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 61–70 of 111

61

قَالُوا۟ سَنُرَٰوِدُ عَنْهُ أَبَاهُ وَإِنَّا لَفَٰعِلُونَ

They said, "We will attempt to dissuade his father from [keeping] him, and indeed, we will do [it]."

তেতিয়া তেওঁৰ ভাতৃসকলে এই বুলি উত্তৰ দিলেঃ আমি পিতৃৰ পৰা তেওঁক বিচাৰিম আৰু এই ক্ষেত্ৰত পৰ্যাপ্ত চেষ্টাও কৰিম। আপুনি আমাক যি আদেশ দিছে, এই ক্ষেত্ৰত আমি অকণো অৱহেলা নকৰিম।

62

وَقَالَ لِفِتْيَٰنِهِ ٱجْعَلُوا۟ بِضَٰعَتَهُمْ فِى رِحَالِهِمْ لَعَلَّهُمْ يَعْرِفُونَهَآ إِذَا ٱنقَلَبُوٓا۟ إِلَىٰٓ أَهْلِهِمْ لَعَلَّهُمْ يَرْجِعُونَ

And [Joseph] said to his servants, "Put their merchandise into their saddlebags so they might recognize it when they have gone back to their people that perhaps they will [again] return."

ইউছুফে তেওঁৰ কৰ্মকৰ্তাসকলক নিৰ্দেশ দিলেঃ এওঁলোকৰ ধন এওঁলোকক ওভোতাই দিয়া, যাতে এওঁলোক ঘূৰিগৈ গম পায় যে, আমি এওঁলোকৰ পৰা খাদ্য সামগ্ৰীৰ বিনিময়ত একো লোৱা নাই। ফলত এওঁলোক নিজৰ ভাতৃক লৈ পুনৰ আহিবলৈ বাধ্য হ'ব। যাতে সিহঁতে ইউছুফৰ সন্মুখত নিজৰ সত্যতা প্ৰমাণ কৰিব পাৰে আৰু ইউছুফেও সিহঁতৰ পৰা বিনিময় গ্ৰহণ কৰিব পাৰে।

63

فَلَمَّا رَجَعُوٓا۟ إِلَىٰٓ أَبِيهِمْ قَالُوا۟ يَٰٓأَبَانَا مُنِعَ مِنَّا ٱلْكَيْلُ فَأَرْسِلْ مَعَنَآ أَخَانَا نَكْتَلْ وَإِنَّا لَهُۥ لَحَٰفِظُونَ

So when they returned to their father, they said, "O our father, [further] measure has been denied to us, so send with us our brother [that] we will be given measure. And indeed, we will be his guardians."

এতেকে সিহঁত যেতিয়া পিতৃৰ ওচৰলৈ উভতি গ'ল আৰু ইউছুফৰ ওচৰত পোৱা সন্মানৰ কথা বিৱৰি কোৱাৰ পিছত ক'লেঃ হে আমাৰ পিতৃ! আমি যদি আমাৰ এই ভাতৃক লগত লৈ নাযাওঁ তেন্তে আমাক খাদ্য সামগ্ৰী দিয়াৰ পৰা বঞ্চিত কৰিব। সেয়ে তেওঁক আমাৰ লগত পঠাই দিয়ক। কাৰণ যদি আপুনি তেওঁক আমাৰ লগত পঠাই দিয়ে তেন্তে আমি আমাৰ প্ৰাপ্য খাদ্য পাম। আমি আপোনাক কথা দিলো, তেওঁ সুৰক্ষিত আপোনাৰ ওচৰত নহা লৈকে, আমি তাক সুৰক্ষা প্ৰদান কৰিম।

64

قَالَ هَلْ ءَامَنُكُمْ عَلَيْهِ إِلَّا كَمَآ أَمِنتُكُمْ عَلَىٰٓ أَخِيهِ مِن قَبْلُ ۖ فَٱللَّهُ خَيْرٌ حَٰفِظًۭا ۖ وَهُوَ أَرْحَمُ ٱلرَّٰحِمِينَ

He said, "Should I entrust you with him except [under coercion] as I entrusted you with his brother before? But Allah is the best guardian, and He is the most merciful of the merciful."

সিহঁতৰ পিতৃয়ে সিহঁতক ক'লেঃ মই এওঁৰ সম্পৰ্কে তোমালোকৰ প্ৰতি তেনেকুৱাই বিশ্বাস ৰাখিম নেকি যেনেকুৱা বিশ্বাস ইতিপূৰ্বে এওঁৰ সহোদৰ ইউছুফ সম্পৰ্কে পোষণ কৰিছিলো? মই ইউছুফ সম্পৰ্কে তোমালোকৰ প্ৰতি ভৰসা কৰিছিলো। তোমালোকে তেওঁক নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিও দিছিলা। কিন্তু তোমালোকে তোমালোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাছিলা। গতিকে তোমালোকৰ নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ প্ৰতি মই ভৰসা কৰিব নোৱাৰিম। মোৰ ভৰসা কেৱল আল্লাহৰ ওপৰত। তেওঁ সেই ব্যক্তিৰ বাবে উত্তম ৰক্ষক, যাক তেওঁ সুৰক্ষা দিব বিচাৰে। আৰু তেওঁ সেই ব্যক্তিৰ প্ৰতি অত্যন্ত দয়াবান, যাক তেওঁ দয়া কৰিব বিচাৰে।

65

وَلَمَّا فَتَحُوا۟ مَتَٰعَهُمْ وَجَدُوا۟ بِضَٰعَتَهُمْ رُدَّتْ إِلَيْهِمْ ۖ قَالُوا۟ يَٰٓأَبَانَا مَا نَبْغِى ۖ هَٰذِهِۦ بِضَٰعَتُنَا رُدَّتْ إِلَيْنَا ۖ وَنَمِيرُ أَهْلَنَا وَنَحْفَظُ أَخَانَا وَنَزْدَادُ كَيْلَ بَعِيرٍۢ ۖ ذَٰلِكَ كَيْلٌۭ يَسِيرٌۭ

And when they opened their baggage, they found their merchandise returned to them. They said, "O our father, what [more] could we desire? This is our merchandise returned to us. And we will obtain supplies for our family and protect our brother and obtain an increase of a camel's load; that is an easy measurement."

যেতিয়া সিহঁতে সিহঁতৰ লৈ অহা খাদ্য সামগ্ৰীৰ পাত্ৰসমূহ উন্মুক্ত কৰিলে, তেতিয়া তাত দেখা পালে যে সিহঁতৰ মূল্য ঘূৰাই দিয়া হৈছে। এই দেখি সিহঁতে পিতৃক ক'লেঃ এই সন্মান পোৱাৰ পিছত আজিজৰ পৰা আমি আৰু কি পাব লাগে, এয়া চাওঁক আমাৰ খাদ্য সামগ্ৰীৰ মূল্য, আজিজে আমাৰ প্ৰতি অনুগ্ৰহ কৰি আমাক ঘূৰাই দিছে। আমি আমাৰ পৰিয়ালৰ বাবে খাদ্য লৈ আহিম আৰু আমাৰ ভাতৃৰো হিফাজত কৰিম সেইটোৰ পৰা যিটোক আপুনি ভয় কৰে। লগতে এওঁক লগত লৈ গ'লে এক উটৰ বহন সামগ্ৰী অধিক লাভ কৰিম। এটা উটৰ বহন সামগ্ৰী অধিক দিয়াটো আজিজৰ বাবে কোনো ডাঙৰ বিষয় নহয়।

66

قَالَ لَنْ أُرْسِلَهُۥ مَعَكُمْ حَتَّىٰ تُؤْتُونِ مَوْثِقًۭا مِّنَ ٱللَّهِ لَتَأْتُنَّنِى بِهِۦٓ إِلَّآ أَن يُحَاطَ بِكُمْ ۖ فَلَمَّآ ءَاتَوْهُ مَوْثِقَهُمْ قَالَ ٱللَّهُ عَلَىٰ مَا نَقُولُ وَكِيلٌۭ

[Jacob] said, "Never will I send him with you until you give me a promise by Allah that you will bring him [back] to me, unless you should be surrounded by enemies." And when they had given their promise, he said, "Allah, over what we say, is Witness."

সিহঁতৰ পিতৃয়ে সিহঁতক ক'লেঃ মই এওঁক তোমালোকৰ লগত কেতিয়াও নপঠিয়াওঁ। যেতিয়ালৈকে তোমালোকে এওঁক ঘূৰাই অনাৰ বাবে আল্লাহৰ শপত খাই দৃঢ় প্ৰতিশ্ৰুতি নিদিবা। যদি তোমালোক সকলোৱে বিপদত আৱদ্ধ হোৱা আৰু কোনেও ৰক্ষা নোপোৱা লগতে সেই বিপদ দূৰ কৰিবও নোৱাৰা আৰু ঘূৰিও আহিব নোৱাৰা তেন্তে সেয়া সুকীয়া কথা। এতেকে যেতিয়া সিহঁতে আল্লাহৰ শপত খাই দৃঢ় প্ৰতিশ্ৰুতি প্ৰদান কৰিলে তেতিয়া ইয়াকূবে ক'লেঃ আমি যি কৈ আছো, সেই সম্পৰ্কে আল্লাহেই সাক্ষী। আমাৰ বাবে তেওঁৰ সাক্ষীয়ে যথেষ্ট।

67

وَقَالَ يَٰبَنِىَّ لَا تَدْخُلُوا۟ مِنۢ بَابٍۢ وَٰحِدٍۢ وَٱدْخُلُوا۟ مِنْ أَبْوَٰبٍۢ مُّتَفَرِّقَةٍۢ ۖ وَمَآ أُغْنِى عَنكُم مِّنَ ٱللَّهِ مِن شَىْءٍ ۖ إِنِ ٱلْحُكْمُ إِلَّا لِلَّهِ ۖ عَلَيْهِ تَوَكَّلْتُ ۖ وَعَلَيْهِ فَلْيَتَوَكَّلِ ٱلْمُتَوَكِّلُونَ

And he said, "O my sons, do not enter from one gate but enter from different gates; and I cannot avail you against [the decree of] Allah at all. The decision is only for Allah; upon Him I have relied, and upon Him let those who would rely [indeed] rely."

সিহঁতৰ পিতৃয়ে সিহঁতক উপদেশ দি ক'লেঃ তোমালোকে মিচৰত এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা। বৰং বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিবা। এয়া সুৰক্ষাৰ দৃষ্টিকোণেৰে অধিক উত্তম, কাৰণ যদি কোনোবাই তোমালোকক ক্ষতি কৰিব বিচাৰে, যাতে তোমালোক সকলোৱে তাৰ চিকাৰ নোহোৱা। এইবোৰ উপদেশৰ জৰিয়তে মই তোমালোকক এনে কোনো বিপদৰ পৰা ৰক্ষা কৰিব নোৱাৰো যিটো আল্লাহে মনস্থ কৰিছে। অথবা আল্লাহে নিবিচৰা কোনো উপকাৰো কৰিব নোৱাৰো। ফয়চালাৰ অধিকাৰ একমাত্ৰ আল্লাহৰ। আৰু আদেশো কেৱল তেওঁৰেই। মই মোৰ সকলো কৰ্মত কেৱল তেওঁৰ ওপৰতে ভৰসা কৰো। আৰু ভৰসাকাৰীসকলে সকলো কৰ্মতে কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত।

68

وَلَمَّا دَخَلُوا۟ مِنْ حَيْثُ أَمَرَهُمْ أَبُوهُم مَّا كَانَ يُغْنِى عَنْهُم مِّنَ ٱللَّهِ مِن شَىْءٍ إِلَّا حَاجَةًۭ فِى نَفْسِ يَعْقُوبَ قَضَىٰهَا ۚ وَإِنَّهُۥ لَذُو عِلْمٍۢ لِّمَا عَلَّمْنَٰهُ وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ

And when they entered from where their father had ordered them, it did not avail them against Allah at all except [it was] a need within the soul of Jacob, which he satisfied. And indeed, he was a possessor of knowledge because of what We had taught him, but most of the people do not know.

এতেকে সিহঁত ৰাওনা হ'ল আৰু সিহঁতৰ লগত আছিল ইউছুফৰ সহোদৰ ভাতৃ। যেতিয়া সিহঁতে নিজ পিতৃৰ আদেশ অনুসৰি বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিলে, বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিলেও ভাগ্যৰ লিখন কেতিয়াও পৰিবৰ্তন নহয়। এয়া আছিল ইয়াকূবৰ নিজ পুত্ৰসকলৰ প্ৰতি থকা মৰম, যিটো তেওঁ ব্যক্ত কৰি সিহঁতক উপদেশ দিছিল। তেওঁ ভালদৰেই জানিছিল যে, ফয়চালা কৰাৰ অধিকাৰ একমাত্ৰ আল্লাহৰ। তেওঁ ভাগ্যৰ প্ৰতি বিশ্বাসী আছিল আৰু সাধন ব্যৱহাৰৰ ক্ষেত্ৰত আমি শিকোৱা জ্ঞান সম্পৰ্কেও আছিল অভিজ্ঞ। কিন্তু অধিকাংশ লোকে এয়া নাজানে।

69

وَلَمَّا دَخَلُوا۟ عَلَىٰ يُوسُفَ ءَاوَىٰٓ إِلَيْهِ أَخَاهُ ۖ قَالَ إِنِّىٓ أَنَا۠ أَخُوكَ فَلَا تَبْتَئِسْ بِمَا كَانُوا۟ يَعْمَلُونَ

And when they entered upon Joseph, he took his brother to himself; he said, "Indeed, I am your brother, so do not despair over what they used to do [to me]."

ইউছুফৰ ভাতৃসকলে যেতিয়া তেওঁৰ সহোদৰকলৈ তেওঁৰ ওচৰত উপস্থিত হ'ল, তেতিয়া তেওঁ তেওঁৰ সহোদৰক নিজৰ ওচৰত ৰাখিলে আৰু গোপনে ক'লেঃ ময়েই তোমাৰ ভাই ইউছুফ। গতিকে সিহঁতে কৰা মুৰ্খামী কাৰ্যকলাপক লৈ দুখ নকৰিবা। উদাহৰণস্বৰূপে, আমাক কষ্ট দিয়া, আমাৰ লগত ঈৰ্ষা কৰা আৰু বিশেষকৈ মোক কুঁৱাত নিক্ষেপ কৰা বিষয়ে।

70

فَلَمَّا جَهَّزَهُم بِجَهَازِهِمْ جَعَلَ ٱلسِّقَايَةَ فِى رَحْلِ أَخِيهِ ثُمَّ أَذَّنَ مُؤَذِّنٌ أَيَّتُهَا ٱلْعِيرُ إِنَّكُمْ لَسَٰرِقُونَ

So when he had furnished them with their supplies, he put the [gold measuring] bowl into the bag of his brother. Then an announcer called out, "O caravan, indeed you are thieves."

তাৰ পিছত ইউছুফে যেতিয়া কৰ্মকৰ্তাসকলক তেওঁৰ ভাতৃসকলৰ উটৰ পিঠিত খাদ্য সামগ্ৰী উঠোৱাৰ নিৰ্দেশ দিলে, তেতিয়া খাদ্য সামগ্ৰী ওজন কৰা ৰজাৰ পাত্ৰটো গোপনে তেওঁৰ সহোদৰ ভাতৃৰ বস্তাত সোমাই দিলে, যাতে ইয়াৰ সহায়ত তাক নিজৰ ওচৰত ৰাখিব পাৰে। তাৰ পিছত যেতিয়া সিহঁত ঘৰমুৱা হ'বলৈ ধৰিলে, তেতিয়া পিছফালৰ পৰা এজনে মাতি সুধিলে, হে খাদ্য সামগ্ৰী বহন কৰা উটৰ মালিকসকল, তোমালোক দেখোন চোৰ।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.