Muslim99Muslim99
← Tafsir library

12. Yusuf

Joseph · Meccan · 111 ayahs

سُورَةُ يُوسُفَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 51–60 of 111

51

قَالَ مَا خَطْبُكُنَّ إِذْ رَٰوَدتُّنَّ يُوسُفَ عَن نَّفْسِهِۦ ۚ قُلْنَ حَٰشَ لِلَّهِ مَا عَلِمْنَا عَلَيْهِ مِن سُوٓءٍۢ ۚ قَالَتِ ٱمْرَأَتُ ٱلْعَزِيزِ ٱلْـَٰٔنَ حَصْحَصَ ٱلْحَقُّ أَنَا۠ رَٰوَدتُّهُۥ عَن نَّفْسِهِۦ وَإِنَّهُۥ لَمِنَ ٱلصَّٰدِقِينَ

Said [the king to the women], "What was your condition when you sought to seduce Joseph?" They said, "Perfect is Allah! We know about him no evil." The wife of al-'Azeez said, "Now the truth has become evident. It was I who sought to seduce him, and indeed, he is of the truthful.

ৰজাই মহিলাসকলক সম্বোধন কৰি ক'লেঃ সেই সময়ত তোমালোকৰ কি অনুভৱ আছিল, যেতিয়া তোমালোকে ইউছুফক চক্ৰান্তৰ দ্বাৰা কুকৰ্ম কৰিবলৈ প্ৰয়াস কৰিছিলা, তেতিয়া মহিলাসকলে ৰজাক উত্তৰ দি কৈছিলঃ আদ্ভুত আল্লাহৰ মাহাত্ম্য! ইউছুফক অপবাদ দিয়া হৈছে, আল্লাহৰ শপত! আমি তেওঁৰ মাজত কোনো দোষ দেখা পোৱা নাছিলোঁ। সেই সময়ত আজীজৰ স্ত্ৰীয়ে অপৰাধ স্বীকাৰ কৰি ক'লেঃ এতিয়া যিহেতু সত্য উদ্ঘাটন হৈছে, তেন্তে শুনক! ময়েই তেওঁক ফুচলাবলৈ চেষ্টা কৰিছিলোঁ। তেওঁ মোক পাবলৈ চেষ্টা কৰা নাছিল। মই জাপি দিয়া অপবাদৰ পৰা তেওঁ নিজকে ৰক্ষা কৰিবলৈ দাঙি ধৰা যুক্তিত তেওঁ নিশ্চয় সত্যবাদী।

52

ذَٰلِكَ لِيَعْلَمَ أَنِّى لَمْ أَخُنْهُ بِٱلْغَيْبِ وَأَنَّ ٱللَّهَ لَا يَهْدِى كَيْدَ ٱلْخَآئِنِينَ

That is so al-'Azeez will know that I did not betray him in [his] absence and that Allah does not guide the plan of betrayers.

আজিজৰ স্ত্ৰীয়ে ক'লেঃ মই স্বীকাৰ কৰো, নিশ্চয় ময়েই তেওঁক চক্ৰান্তৰ বলি কৰাৰ চেষ্টা কৰিছিলো। নিশ্চয় তেওঁ সত্যবাদী, যাতে ইউছুফে গম পায় যে মই তেওঁৰ অনুপস্থিতিত তেওঁৰ ওপৰত কোনো অপবাদ দিয়া নাই। কিয়নো এতিয়ালৈকে যি হ'ল, তাৰ পৰা এই কথা স্পষ্ট হৈছে যে, নিশ্চয় আল্লাহে মিছলীয়া আৰু ষড়যন্ত্ৰকাৰীক কেতিয়াও তাওফীক নিদিয়ে।

53

۞ وَمَآ أُبَرِّئُ نَفْسِىٓ ۚ إِنَّ ٱلنَّفْسَ لَأَمَّارَةٌۢ بِٱلسُّوٓءِ إِلَّا مَا رَحِمَ رَبِّىٓ ۚ إِنَّ رَبِّى غَفُورٌۭ رَّحِيمٌۭ

And I do not acquit myself. Indeed, the soul is a persistent enjoiner of evil, except those upon which my Lord has mercy. Indeed, my Lord is Forgiving and Merciful."

আজিজৰ স্ত্ৰীয়ে নিজৰ কথা অব্যাহত ৰাখি ক'লেঃ মই মোৰ নিজৰ মনক পাপ কৰ্মৰ ইচ্ছাৰ পৰা মুক্ত বুলি নকওঁ, আৰু ইয়াৰ দ্বাৰা মই নিজকে পৱিত্ৰ বুলিও দাবী নকৰো। কিয়নো চাহিদাৰ প্ৰতি ঢাল খোৱাৰ বাবে আৰু ইয়াৰ পৰা ৰক্ষা পোৱা টান হোৱাৰ কাৰণে মানুহৰ মনে মানুহক বেয়া কৰ্মৰ বহুত আদেশ দিয়ে। কেৱল সেইসকল লোকৰ বাহিৰে যাৰ প্ৰতি আল্লাহে কৃপা কৰে, তাক বেয়া কৰ্মৰ পৰা ৰক্ষা কৰে। নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে, আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।

54

وَقَالَ ٱلْمَلِكُ ٱئْتُونِى بِهِۦٓ أَسْتَخْلِصْهُ لِنَفْسِى ۖ فَلَمَّا كَلَّمَهُۥ قَالَ إِنَّكَ ٱلْيَوْمَ لَدَيْنَا مَكِينٌ أَمِينٌۭ

And the king said, "Bring him to me; I will appoint him exclusively for myself." And when he spoke to him, he said, "Indeed, you are today established [in position] and trusted."

যেতিয়া ইউছুফ দোষমুক্ত হ'ল আৰু তাইৰ চক্ৰান্ত স্পষ্ট হ'ল, তেতিয়া ৰজাই নিজৰ সহযোগীসকলক ক'লেঃ তেওঁক মোৰ ওচৰলৈকে লৈ আনা। মই তেওঁক মোৰ নিকটৱৰ্তী লোকৰ অন্তৰ্ভুক্ত কৰিম। তাৰ পিছত তেওঁক ৰজাৰ ওচৰলৈ অনা হ'ল। এতেকে যেতিয়া ৰজাই তেওঁৰ লগত কথা পাতিলে আৰু তেওঁৰ জ্ঞান বুদ্ধি সম্পৰ্কে অৱগত হ'ল, তেতিয়া তেওঁক ক'লেঃ হে ইউছুফ! নিশ্চয় আপুনি আজিৰ পৰা আমাৰ ওচৰত মৰ্যাদাৱান আৰু ভৰসাৰ পাত্ৰ হৈ গৈছে।

55

قَالَ ٱجْعَلْنِى عَلَىٰ خَزَآئِنِ ٱلْأَرْضِ ۖ إِنِّى حَفِيظٌ عَلِيمٌۭ

[Joseph] said, "Appoint me over the storehouses of the land. Indeed, I will be a knowing guardian."

ইউছুফে ৰজাক ক'লেঃ মোক মিচৰৰ কোষাগাৰ আৰু ভঁৰালৰ দায়িত্ব অৰ্পন কৰক। কাৰণ মই এজন বিশ্বস্ত ধন-ভঁৰালী। মোক যি কামত নিযুক্ত কৰা হ'ব মই সেই সম্পৰ্কে পূৰ্ণ জ্ঞান আৰু দক্ষতাৰ অধিকাৰী।

56

وَكَذَٰلِكَ مَكَّنَّا لِيُوسُفَ فِى ٱلْأَرْضِ يَتَبَوَّأُ مِنْهَا حَيْثُ يَشَآءُ ۚ نُصِيبُ بِرَحْمَتِنَا مَن نَّشَآءُ ۖ وَلَا نُضِيعُ أَجْرَ ٱلْمُحْسِنِينَ

And thus We established Joseph in the land to settle therein wherever he willed. We touch with Our mercy whom We will, and We do not allow to be lost the reward of those who do good.

যিদৰে আমি ইউছুফক দোষমুক্ত কৰি আৰু কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰি তেওঁৰ প্ৰতি কৃপা কৰিছো, ঠিক সেইদৰে আমি তেওঁক মিচৰ ভূমিত প্ৰভুত্ব প্ৰদান কৰি উপকাৰ কৰিছো। তেওঁ যতেই ইচ্ছা ততেই অৱস্থান কৰিব পাৰে। আমি আমাৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা তাকেই পৃথিৱীত কৃপা দান কৰো, লগতে আমি পূণ্যৱানসকলৰ ছোৱাব কেতিয়াও বিনষ্ট নকৰো। বৰং তেওঁলোকক আমি কোনো ধৰণৰ লোকচান নকৰাকৈ পৰিপূৰ্ণ ছোৱাব প্ৰদান কৰো।

57

وَلَأَجْرُ ٱلْءَاخِرَةِ خَيْرٌۭ لِّلَّذِينَ ءَامَنُوا۟ وَكَانُوا۟ يَتَّقُونَ

And the reward of the Hereafter is better for those who believed and were fearing Allah.

আল্লাহৰ সেই প্ৰতিদান পাৰ্থিৱ প্ৰতিদানতকৈ উত্তম যিটো তেওঁ আখিৰাতত প্ৰস্তুত কৰি ৰাখিছে, সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।

58

وَجَآءَ إِخْوَةُ يُوسُفَ فَدَخَلُوا۟ عَلَيْهِ فَعَرَفَهُمْ وَهُمْ لَهُۥ مُنكِرُونَ

And the brothers of Joseph came [seeking food], and they entered upon him; and he recognized them, but he was to them unknown.

ইউছুফৰ ভাতৃসকলে নিজৰ বয়-বস্তুৰ লগত মিচৰ ভূমিত গৈ উপস্থিত হ'ল। যেতিয়া সিহঁত তেওঁৰ ওচৰত গৈ উপস্থিত হ'ল, তেওঁ সিহঁতক চিনি পালে যে সিহঁত তেওঁৰ ভাতৃ। কিন্তু সিহঁতে চিনি পোৱা নাছিল যে তেওঁ সিহঁতৰ ভাই। কাৰণ দীৰ্ঘ সময় অতিবাহিত হৈছিল আৰু তেওঁৰ আকাৰ আকৃতিও পৰিবৰ্তন হৈছিল। যেতিয়া সিহঁতে তেওঁক কুঁৱাত নিক্ষেপ কৰিছিল তেতিয়া তেওঁ শিশু অৱস্থাত আছিল।

59

وَلَمَّا جَهَّزَهُم بِجَهَازِهِمْ قَالَ ٱئْتُونِى بِأَخٍۢ لَّكُم مِّنْ أَبِيكُمْ ۚ أَلَا تَرَوْنَ أَنِّىٓ أُوفِى ٱلْكَيْلَ وَأَنَا۠ خَيْرُ ٱلْمُنزِلِينَ

And when he had furnished them with their supplies, he said, "Bring me a brother of yours from your father. Do not you see that I give full measure and that I am the best of accommodators?

যেতিয়া ইউছুফে সিহঁতক সিহঁতে বিচৰা খাদ্য সামগ্ৰী প্ৰদান কৰিলে, লগতে সিহঁতে জনালে যে সিহঁতৰ এজন পিতৃপক্ষৰ বৈমাত্ৰেয় ভায়েক আছে, যাক সিহঁতে পিতৃৰ ওচৰত এৰি থৈ আহিছে, তেতিয়া তেওঁ ক'লেঃ তোমালোকে তোমালোকৰ পিতৃপক্ষৰ বৈমাত্ৰেয় ভায়েকক লগত আনিবা, মই তোমালোকক এটা উটে বহন কৰিব পৰা খাদ্য সামগ্ৰী অধিক প্ৰদান কৰিম। তোমালোকে দেখা নাইনে যে মই পৰিপূৰ্ণ মাপ অনুযায়ী প্ৰদান কৰো, একো হ্ৰাস নকৰো, লগতে মই অতিথিসকলক উত্তমভাৱে আপ্যায়ন কৰো।

60

فَإِن لَّمْ تَأْتُونِى بِهِۦ فَلَا كَيْلَ لَكُمْ عِندِى وَلَا تَقْرَبُونِ

But if you do not bring him to me, no measure will there be [hereafter] for you from me, nor will you approach me."

কিন্তু যদি তোমালোকে তাক মোৰ ওচৰলৈ লৈ নাহা তেন্তে ভাবিম তোমালোক নিজৰ এই দাবীত মিছলীয়া যে, তোমালোকৰ এজন পিতৃপক্ষৰ বৈমাত্ৰেয় ভাই আছে। ফলত তোমালোকক কেতিয়াও কোনো ধৰণৰ খাদ্য সামগ্ৰী প্ৰদান নকৰো আৰু তোমালোক মোৰ নগৰৰ আশেপাশেও নাহিবা।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.