Muslim99Muslim99
← Tafsir library

12. Yusuf

Joseph · Meccan · 111 ayahs

سُورَةُ يُوسُفَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 1–10 of 111

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

1

الٓر ۚ تِلْكَ ءَايَٰتُ ٱلْكِتَٰبِ ٱلْمُبِينِ

Alif, Lam, Ra. These are the verses of the clear Book.

(আলিফ-লাম-ৰা) এইটো আৰু এই ধৰণৰ আখৰ সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাত অৱতীৰ্ণ আয়াতসমূহ হৈছে সুস্পষ্ট কোৰআনৰ আয়াত।

2

إِنَّآ أَنزَلْنَٰهُ قُرْءَٰنًا عَرَبِيًّۭا لَّعَلَّكُمْ تَعْقِلُونَ

Indeed, We have sent it down as an Arabic Qur'an that you might understand.

হে আৰবৰ অধিবাসীসকল! আমি কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ কৰিছো, যাতে তোমালোকে ইয়াৰ অৰ্থ বুজিব পাৰা।

3

نَحْنُ نَقُصُّ عَلَيْكَ أَحْسَنَ ٱلْقَصَصِ بِمَآ أَوْحَيْنَآ إِلَيْكَ هَٰذَا ٱلْقُرْءَانَ وَإِن كُنتَ مِن قَبْلِهِۦ لَمِنَ ٱلْغَٰفِلِينَ

We relate to you, [O Muhammad], the best of stories in what We have revealed to you of this Qur'an although you were, before it, among the unaware.

হে ৰাছুল! আমি আপোনাক এনেকুৱা কাহিনী বৰ্ণনা কৰি আছো যিটো সাহিত্য দিশৰ পৰা, শব্দৰ শুদ্ধতা আৰু সত্যতাৰ ফালৰ পৰা অতি উত্তম। নিশ্চয় আপুনি এইটো অৱতীৰ্ণ হোৱাৰ পূৰ্বে এই সম্পৰ্কে কোনো জ্ঞান নাছিল তথা আপুনি অমনোযোগী আছিল।

4

إِذْ قَالَ يُوسُفُ لِأَبِيهِ يَٰٓأَبَتِ إِنِّى رَأَيْتُ أَحَدَ عَشَرَ كَوْكَبًۭا وَٱلشَّمْسَ وَٱلْقَمَرَ رَأَيْتُهُمْ لِى سَٰجِدِينَ

[Of these stories mention] when Joseph said to his father, "O my father, indeed I have seen [in a dream] eleven stars and the sun and the moon; I saw them prostrating to me."

হে ৰাছুল! আমি আপোনাক সংবাদ দিওঁ যে, ইউছুফে যেতিয়া তেওঁৰ পিতৃ ইয়াকূবক কৈছিলঃ হে মোৰ পিতৃ! মই সপোনত দেখিছো এঘাৰ টা তৰা, লগতে সূৰ্য আৰু চন্দ্ৰ আটায়ে মোক ছাজদা কৰি আছে। এই সপোনটো আছিল ইউছুফ আলাইহিছ ছালামৰ বাবে আগতীয়া সুসংবাদ।

5

قَالَ يَٰبُنَىَّ لَا تَقْصُصْ رُءْيَاكَ عَلَىٰٓ إِخْوَتِكَ فَيَكِيدُوا۟ لَكَ كَيْدًا ۖ إِنَّ ٱلشَّيْطَٰنَ لِلْإِنسَٰنِ عَدُوٌّۭ مُّبِينٌۭ

He said, "O my son, do not relate your vision to your brothers or they will contrive against you a plan. Indeed Satan, to man, is a manifest enemy.

ইয়াকূব আলাইহিছ ছালামে তেওঁৰ পুত্ৰ ইউছুফক ক'লেঃ হে মোৰ মৰমৰ পুত্ৰ! তোমাৰ এই সপোন তোমাৰ ভাতৃসকলক অৱগত নকৰিবা। অন্যথা সিহঁতে গম পালে বুজি পাব আৰু তোমাৰ লগত হিংসা কৰিব। ফলত সিহঁতে বিদ্বেষত তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিব। নিশ্চয় চয়তান মানুহৰ প্ৰকাশ্য শত্ৰু।

6

وَكَذَٰلِكَ يَجْتَبِيكَ رَبُّكَ وَيُعَلِّمُكَ مِن تَأْوِيلِ ٱلْأَحَادِيثِ وَيُتِمُّ نِعْمَتَهُۥ عَلَيْكَ وَعَلَىٰٓ ءَالِ يَعْقُوبَ كَمَآ أَتَمَّهَا عَلَىٰٓ أَبَوَيْكَ مِن قَبْلُ إِبْرَٰهِيمَ وَإِسْحَٰقَ ۚ إِنَّ رَبَّكَ عَلِيمٌ حَكِيمٌۭ

And thus will your Lord choose you and teach you the interpretation of narratives and complete His favor upon you and upon the family of Jacob, as He completed it upon your fathers before, Abraham and Isaac. Indeed, your Lord is Knowing and Wise."

হে ইউছুফ! যিদৰে তুমি সপোন দেখিছা, সেইদৰেই তোমাৰ প্ৰতিপালকে তোমাক নিৰ্বাচিত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিকাব। আৰু তোমাক নুবুওৱত প্ৰদান কৰি তোমাৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰিব। যিদৰে তেওঁ তোমাৰ পূৰ্বে তোমাৰ পিতৃপুৰুষ ইব্ৰাহীম আৰু ইছহাকৰ ওপৰত অনুগ্ৰহ সম্পূৰ্ণ কৰিছিল। নিশ্চয় তোমাৰ প্ৰতিপালক সৃষ্টি সম্পৰ্কে সৰ্বজ্ঞ। আৰু পৰিচালনাত প্ৰজ্ঞাৱান।

7

۞ لَّقَدْ كَانَ فِى يُوسُفَ وَإِخْوَتِهِۦٓ ءَايَٰتٌۭ لِّلسَّآئِلِينَ

Certainly were there in Joseph and his brothers signs for those who ask,

অৱশ্যে ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ ঘটনাত প্ৰশ্নকাৰীসকলৰ বাবে আছে উপদেশ আৰু শিক্ষা।

8

إِذْ قَالُوا۟ لَيُوسُفُ وَأَخُوهُ أَحَبُّ إِلَىٰٓ أَبِينَا مِنَّا وَنَحْنُ عُصْبَةٌ إِنَّ أَبَانَا لَفِى ضَلَٰلٍۢ مُّبِينٍ

When they said, "Joseph and his brother are more beloved to our father than we, while we are a clan. Indeed, our father is in clear error.

যেতিয়া তেওঁৰ ভাতৃসকলে নিজৰ মাজত আলোচনা কৰিলে যে, ইউছুফ আৰু তেওঁৰ সহোদৰ আমাৰ পিতৃৰ ওচৰত অধিক প্ৰিয়পাত্ৰ। অথচ আমি কেইজনীয়া এটা দল। কেনেকৈ তেওঁ আমাৰ ওপৰত এই দুজনক প্ৰাধান্য দিলে? আমাৰ দৃষ্টিত কোনো কাৰণ অবিহণেই এই দুজনক অগ্ৰাধিকাৰ প্ৰদান কৰি তেওঁ স্পষ্ট ভুল কৰি আছে।

9

ٱقْتُلُوا۟ يُوسُفَ أَوِ ٱطْرَحُوهُ أَرْضًۭا يَخْلُ لَكُمْ وَجْهُ أَبِيكُمْ وَتَكُونُوا۟ مِنۢ بَعْدِهِۦ قَوْمًۭا صَٰلِحِينَ

Kill Joseph or cast him out to [another] land; the countenance of your father will [then] be only for you, and you will be after that a righteous people."

এতেকে ইউছুফক হত্যা কৰা অথবা বহু দূৰত ক’ৰবাত নিক্ষেপ কৰাগৈ, ফলত তোমালোকৰ পিতৃয়ে তোমালোকৰ প্ৰতি পৰিপূৰ্ণৰূপে মনোযোগ প্ৰদান কৰিব আৰু পৰিপূৰ্ণ স্নেহ প্ৰদান কৰিব। তাক হত্যা অথবা গায়েব কৰাৰ পিছত নিজৰ গুনাহৰ পৰা তাওবা কৰি নেক লোকৰ অন্তৰ্ভুক্ত হৈ যাবা।

10

قَالَ قَآئِلٌۭ مِّنْهُمْ لَا تَقْتُلُوا۟ يُوسُفَ وَأَلْقُوهُ فِى غَيَٰبَتِ ٱلْجُبِّ يَلْتَقِطْهُ بَعْضُ ٱلسَّيَّارَةِ إِن كُنتُمْ فَٰعِلِينَ

Said a speaker among them, "Do not kill Joseph but throw him into the bottom of the well; some travelers will pick him up - if you would do [something]."

ভাতৃ এজনে ক'লেঃ ইউছুফক হত্যা নকৰিবা। যদি তোমালোকে তেওঁৰ লগত এনেকুৱা আচৰণ কৰিবই বিচৰা তেন্তে তেওঁক কোনো কুঁৱাত নিক্ষেপ কৰা, যাতে কোনো ভ্ৰমণকাৰী দলে তেওঁক উঠাই লৈ যাব পাৰে, তেওঁক হত্যা কৰাতকৈ এইটো হয়তো কম ক্ষতিকাৰক হ'ব।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.