Muslim99Muslim99
← Tafsir library

12. Yusuf

Joseph · Meccan · 111 ayahs

سُورَةُ يُوسُفَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 41–50 of 111

41

يَٰصَىٰحِبَىِ ٱلسِّجْنِ أَمَّآ أَحَدُكُمَا فَيَسْقِى رَبَّهُۥ خَمْرًۭا ۖ وَأَمَّا ٱلْءَاخَرُ فَيُصْلَبُ فَتَأْكُلُ ٱلطَّيْرُ مِن رَّأْسِهِۦ ۚ قُضِىَ ٱلْأَمْرُ ٱلَّذِى فِيهِ تَسْتَفْتِيَانِ

O two companions of prison, as for one of you, he will give drink to his master of wine; but as for the other, he will be crucified, and the birds will eat from his head. The matter has been decreed about which you both inquire."

হে মোৰ বন্ধীশালৰ সঙ্গীদ্বয়! যিয়ে সপোনত দেখিছে যে, সি আঙুৰি চেপি সুৰা প্ৰস্তুত কৰি আছে, সি দৰাচলতে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি আৰু নিজৰ কামত পুনৰ নিয়জিত হ'ব, আৰু ৰজাক পানীয় পান কৰাব। আনহাতে যিয়ে দেখিছে যে, তাৰ মূৰৰ ওপৰত ৰুটি ৰখা আছে যাৰ পৰা চৰায়ে খাই আছে, তাক ফাঁচি কাঠত ওলমাই হত্যা কৰা হ'ব, আৰু চৰায়ে তাৰ মূৰৰ মাংস খুটি খুটি খাব। তোমালোকে যি বিষয়ে ব্যাখ্যা সুধিছা তাৰ সিদ্ধান্ত হৈ গৈছে। এতেকে এয়া অৱশ্যে কাৰ্যকৰী হ'ব।

42

وَقَالَ لِلَّذِى ظَنَّ أَنَّهُۥ نَاجٍۢ مِّنْهُمَا ٱذْكُرْنِى عِندَ رَبِّكَ فَأَنسَىٰهُ ٱلشَّيْطَٰنُ ذِكْرَ رَبِّهِۦ فَلَبِثَ فِى ٱلسِّجْنِ بِضْعَ سِنِينَ

And he said to the one whom he knew would go free, "Mention me before your master." But Satan made him forget the mention [to] his master, and Joseph remained in prison several years.

ইউছুফে সিহঁত দুজনৰ মাজৰ যিজনে মুক্তি লাভ কৰিব বুলি নিশ্চিত হৈছিল (সেইজন আছিল ৰজাক পানীয় পান কৰোৱা ব্যক্তি) তাক ক'লেঃ মোৰ বিষয়ে ৰজাৰ ওচৰত উল্লেখ কৰিবা, সম্ভৱতঃ তেওঁ মোক কাৰাগাৰৰ পৰা উলিয়াই নিব। কিন্তু চয়তানে সেই ব্যক্তিৰ স্মৃতিৰ পৰা ইউছুফৰ বিষয়ে উল্লেখ কৰাৰ কথা পাহৰাই দিলে। ফলত ইউছুফে আৰু কেইবা বছৰ কাৰাগাৰত থাকিবলগীয়া হ'ল।

43

وَقَالَ ٱلْمَلِكُ إِنِّىٓ أَرَىٰ سَبْعَ بَقَرَٰتٍۢ سِمَانٍۢ يَأْكُلُهُنَّ سَبْعٌ عِجَافٌۭ وَسَبْعَ سُنۢبُلَٰتٍ خُضْرٍۢ وَأُخَرَ يَابِسَٰتٍۢ ۖ يَٰٓأَيُّهَا ٱلْمَلَأُ أَفْتُونِى فِى رُءْيَٰىَ إِن كُنتُمْ لِلرُّءْيَا تَعْبُرُونَ

And [subsequently] the king said, "Indeed, I have seen [in a dream] seven fat cows being eaten by seven [that were] lean, and seven green spikes [of grain] and others [that were] dry. O eminent ones, explain to me my vision, if you should interpret visions."

ৰজাই ক'লেঃ মই সপোনত দেখিলো সাতজনী ক্ষীন গাই গৰুৱে, সাতজনী হৃষ্ট-পুষ্ট গাই গৰুক ভক্ষণ কৰি আছে। এইদৰে মই সাত টা সতেজ শীহ আৰু সাতটা শুকান শীহ দেখিছো। হে প্ৰমূখ তথা গণ্যমান্য লোকসকল! মোক মোৰ এই সপোনৰ ব্যাখ্যা কোৱা, যদি তোমালোকে সঁচাই সপোনৰ ব্যাখ্যা জানা।

44

قَالُوٓا۟ أَضْغَٰثُ أَحْلَٰمٍۢ ۖ وَمَا نَحْنُ بِتَأْوِيلِ ٱلْأَحْلَٰمِ بِعَٰلِمِينَ

They said, "[It is but] a mixture of false dreams, and we are not learned in the interpretation of dreams."

তেওঁলোকে ক'লেঃ আপোনাৰ সপোনটো মিশ্ৰিত, অলীক। এনেকুৱা সপোনৰ কোনো অৰ্থ নাই। আমি মিশ্ৰিত সপোনৰ কোনো ব্যাখ্যা নাজানো।

45

وَقَالَ ٱلَّذِى نَجَا مِنْهُمَا وَٱدَّكَرَ بَعْدَ أُمَّةٍ أَنَا۠ أُنَبِّئُكُم بِتَأْوِيلِهِۦ فَأَرْسِلُونِ

But the one who was freed and remembered after a time said, "I will inform you of its interpretation, so send me forth."

কয়েদী যুৱকদ্বয়ৰ মাজৰ পৰা যিজনে মুক্তি লাভ কৰিছিল, এটা দীৰ্ঘ সময়ৰ অন্তত যেতিয়া ইউছুফৰ সপোন ব্যাখ্যাৰ দক্ষতা সম্পৰ্কে মনত পৰিল তেতিয়া তেওঁ ক'লেঃ মই আপোনালোকক ৰজাই দেখা সপোনৰ ব্যাখ্যা, এজন এনেকুৱা ব্যক্তিৰ পৰা সুধি আহি জনাব পাৰিম যিয়ে সপোনৰ ব্যাখ্যা জানে। এতেকে হে ৰজা মহোদয়! আপুনি মোক ইউছুফৰ ওচৰলৈ প্ৰেৰণ কৰক, যাতে তেওঁ আপোনাক সপোনৰ ব্যাখ্যা জনাব পাৰে।

46

يُوسُفُ أَيُّهَا ٱلصِّدِّيقُ أَفْتِنَا فِى سَبْعِ بَقَرَٰتٍۢ سِمَانٍۢ يَأْكُلُهُنَّ سَبْعٌ عِجَافٌۭ وَسَبْعِ سُنۢبُلَٰتٍ خُضْرٍۢ وَأُخَرَ يَابِسَٰتٍۢ لَّعَلِّىٓ أَرْجِعُ إِلَى ٱلنَّاسِ لَعَلَّهُمْ يَعْلَمُونَ

[He said], "Joseph, O man of truth, explain to us about seven fat cows eaten by seven [that were] lean, and seven green spikes [of grain] and others [that were] dry - that I may return to the people; perhaps they will know [about you]."

এতেকে মুক্তি লাভ কৰা ব্যক্তি যেতিয়া ইউছুফৰ ওচৰলৈ আহি পালে, তেতিয়া তেওঁক ক'লেঃ হে ইউছুফ, হে সত্যবাদী ব্যক্তি! আমাক এটা সপোনৰ ব্যাখ্যা জনাই দিয়ক, ব্যক্তি এজনে সপোনত দেখিছে যে, সাতজনী ক্ষীন গাই গৰুৱে সাতজনী শকত গাই গৰুক ভক্ষণ কৰি আছে, লগতে তেওঁ সাতটা সতেজ শীহ আৰু সাতটা শুকান শীহ দেখিছে। যাতে মই ৰজাৰ ওচৰত উভতি গৈ ৰজাই দেখা সপোনৰ ব্যাখ্যা তেওঁক আৰু তেওঁৰ ওচৰত থকা লোকসকলক জনাব পাৰো। যাতে তেওঁ আপোনাৰ মৰ্যাদা আৰু শ্ৰেষ্ঠতা গম পায়।

47

قَالَ تَزْرَعُونَ سَبْعَ سِنِينَ دَأَبًۭا فَمَا حَصَدتُّمْ فَذَرُوهُ فِى سُنۢبُلِهِۦٓ إِلَّا قَلِيلًۭا مِّمَّا تَأْكُلُونَ

[Joseph] said, "You will plant for seven years consecutively; and what you harvest leave in its spikes, except a little from which you will eat.

ইউছুফ আলাইহিছ ছালামে এই সপোনৰ ব্যাখ্যা কৰি ক'লেঃ তোমালোকে ধাৰাবাহিকভাৱে সাত বছৰ পূৰ্ণ পৰিশ্ৰম সহকাৰে খেতি কৰিবা, আৰু প্ৰত্যেক বছৰ উপাৰ্জন কৰা শস্য বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ শীহ সহকাৰে থৈ দিবা। আনহাতে প্ৰয়োজন সাপেক্ষে যিখিনি খাবলৈ লাগে সেইখিনি ওলাই লবা।

48

ثُمَّ يَأْتِى مِنۢ بَعْدِ ذَٰلِكَ سَبْعٌۭ شِدَادٌۭ يَأْكُلْنَ مَا قَدَّمْتُمْ لَهُنَّ إِلَّا قَلِيلًۭا مِّمَّا تُحْصِنُونَ

Then will come after that seven difficult [years] which will consume what you saved for them, except a little from which you will store.

প্ৰচুৰ উপাৰ্জনৰ এই সাতটা বছৰ পিছত, তোমালোকৰ ওচৰত আহিব সাতটা শুকান (দুৰ্ভিক্ষৰ) বছৰ, সেই সাত বছৰত মানুহে পূৰ্বে সঞ্চয় কৰি থোৱা সম্পদ ভক্ষণ কৰিব। কেৱল সামান্য পৰিমাণৰ বাহিৰে যিটো তোমালোকে বীজ হিচাপে সংৰক্ষণ কৰি থোৱা।

49

ثُمَّ يَأْتِى مِنۢ بَعْدِ ذَٰلِكَ عَامٌۭ فِيهِ يُغَاثُ ٱلنَّاسُ وَفِيهِ يَعْصِرُونَ

Then will come after that a year in which the people will be given rain and in which they will press [olives and grapes]."

এই অভাৱী বছৰৰ পিছত এনেকুৱা এটা বছৰ আহিব, যি বছৰত প্ৰচুৰ পৰিমাণে বৰষুণ হ'ব আৰু উৎকৃষ্ট ফচল হ'ব, আৰু মানুহে সেইবোৰ ফলৰ ৰস চেপি উলিয়াব যিবোৰৰ ৰস আৱশ্যক। যেনেঃ আঙুৰ, যাইতুন আৰু কুহিঁয়াৰ আদি।

50

وَقَالَ ٱلْمَلِكُ ٱئْتُونِى بِهِۦ ۖ فَلَمَّا جَآءَهُ ٱلرَّسُولُ قَالَ ٱرْجِعْ إِلَىٰ رَبِّكَ فَسْـَٔلْهُ مَا بَالُ ٱلنِّسْوَةِ ٱلَّٰتِى قَطَّعْنَ أَيْدِيَهُنَّ ۚ إِنَّ رَبِّى بِكَيْدِهِنَّ عَلِيمٌۭ

And the king said, "Bring him to me." But when the messenger came to him, [Joseph] said, "Return to your master and ask him what is the case of the women who cut their hands. Indeed, my Lord is Knowing of their plan."

ইউছুফে দিয়া সপোনৰ ব্যাখ্যা যেতিয়া ৰজাই গম পালে তেতিয়া তেওঁ তেওঁৰ সহযোগীসকলক ক'লেঃ তেওঁক কাৰাগাৰৰ পৰা বাহিৰ কৰি মোৰ ওচৰলৈ আনা। এতেকে ইউছুফৰ ওচৰত যেতিয়া ৰজাৰ দূত আহি পালে, তেতিয়া তেওঁ তাক ক'লেঃ তুমি ৰজাৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক সেই মহিলাসকলৰ বিষয়ে সুধি আহা যিসকলে নিজৰ হাতত আঘাতপ্ৰাপ্ত হৈছিল, যাতে কাৰাগাৰৰ পৰা ওলোৱাৰ আগতে এই কথা স্পষ্ট হৈ যায় যে, মই নিৰ্দোষী। সিহঁতে মোক যিদৰে কূটকৌশল ৰচি জালত পেলাব বিচাৰিছিল সেই বিষয়ে নিশ্চয় মোৰ প্ৰতিপালক সৰ্বজ্ঞ। ইয়াৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.