Muslim99Muslim99
← Tafsir library

12. Yusuf

Joseph · Meccan · 111 ayahs

سُورَةُ يُوسُفَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 11–20 of 111

11

قَالُوا۟ يَٰٓأَبَانَا مَا لَكَ لَا تَأْمَ۫نَّا عَلَىٰ يُوسُفَ وَإِنَّا لَهُۥ لَنَٰصِحُونَ

They said, "O our father, why do you not entrust us with Joseph while indeed, we are to him sincere counselors?

যেতিয়া সিহঁত সকলোৱে তেওঁক গায়েব কৰাৰ কথাত একমত হ'ল, তেতিয়া সিহঁতৰ পিতৃ ইয়াকূবৰ ওচৰত সিহঁতে আহি ক'লেঃ হে আমাৰ শ্ৰদ্ধাৰ পিতৃ! আপুনি ইউছুফ সম্পৰ্কে আমাৰ ওপৰত ভৰসা নকৰে কিয়? অথচ আমি তাৰ প্ৰতি স্নেহশীল আৰু তাক সকলো কষ্টৰ পৰা ৰক্ষা কৰো, আমি ইউছুফৰ শুভাকাংক্ষী, আমি তাক ৰক্ষা কৰিম আৰু চোৱাচিতা কৰিম তথা আপোনাৰ ওচৰলৈ সুৰক্ষিত অৱস্থাত ওভোতাই আনিম। তেনে ক্ষেত্ৰত আমাৰ লগত তাক পঠোৱাত আপোনাক কিহে বিৰত ৰাখিছে?

12

أَرْسِلْهُ مَعَنَا غَدًۭا يَرْتَعْ وَيَلْعَبْ وَإِنَّا لَهُۥ لَحَٰفِظُونَ

Send him with us tomorrow that he may eat well and play. And indeed, we will be his guardians.

এতেকে অহাকালি তাক আমাৰ লগত যাবলৈ অনুমতি দিয়ক, আমি একেলগে খোৱা-বোৱা কৰিম আৰু প্ৰকৃতি উপভোগ কৰিম। আৰু নিশ্চয় আমি তাক সকলো সংকটৰ পৰা ৰক্ষা কৰিম।

13

قَالَ إِنِّى لَيَحْزُنُنِىٓ أَن تَذْهَبُوا۟ بِهِۦ وَأَخَافُ أَن يَأْكُلَهُ ٱلذِّئْبُ وَأَنتُمْ عَنْهُ غَٰفِلُونَ

[Jacob] said, "Indeed, it saddens me that you should take him, and I fear that a wolf would eat him while you are of him unaware."

ইয়াকূবে পুত্ৰসকলক সম্বোধন কৰি ক'লেঃ তোমালোকে তাক লগত লৈ যোৱাটো মোৰ কাৰণে চিন্তাৰ বিষয়, কাৰণ মই তাক এৰি থাকিব নোৱাৰিম। লগতে মই এইটোও আশংকা কৰো যে, তোমালোকে খেল-ধেমালিত মগ্ন থাকিবা আৰু তোমালোকৰ অজানিতে কুকুৰ-নেচীয়া আহি তাক খাই পেলাব।

14

قَالُوا۟ لَئِنْ أَكَلَهُ ٱلذِّئْبُ وَنَحْنُ عُصْبَةٌ إِنَّآ إِذًۭا لَّخَٰسِرُونَ

They said, "If a wolf should eat him while we are a [strong] clan, indeed, we would then be losers."

সিহঁতে পিতৃক ক'লেঃ আমি এটা দল থকা সত্ত্বেও যদি কুকুৰ-নেচীয়াই ইউছুফক খাই পেলায় তেন্তে দেখোন আমাৰ মাজত কোনো কল্যাণ নাই। যদি আমি তাক কুকুৰ-নেচীয়াৰ পৰা ৰক্ষা কৰিব নোৱাৰো তেন্তে আমি অৱশ্যে ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত।

15

فَلَمَّا ذَهَبُوا۟ بِهِۦ وَأَجْمَعُوٓا۟ أَن يَجْعَلُوهُ فِى غَيَٰبَتِ ٱلْجُبِّ ۚ وَأَوْحَيْنَآ إِلَيْهِ لَتُنَبِّئَنَّهُم بِأَمْرِهِمْ هَٰذَا وَهُمْ لَا يَشْعُرُونَ

So when they took him [out] and agreed to put him into the bottom of the well... But We inspired to him, "You will surely inform them [someday] about this affair of theirs while they do not perceive [your identity]."

তাৰ পিছত ইয়াকূবে ইউছুফক সিহঁতৰ লগত পঠাই দিলে। যেতিয়া সিহঁতে তাক লৈ বহু দূৰত গুচি গল আৰু তাক কুঁৱাত নিক্ষেপ কৰিবলৈ মনস্থ কৰিলে, তেতিয়া আমি ইউছুফৰ প্ৰতি অহী কৰিলোঃ এনেকুৱা এটা সময় আহিব যেতিয়া তুমি সিহঁতক সিহঁতৰ এই কৰ্ম সম্পৰ্কে অৱগত কৰাবা আৰু তেতিয়া সিহঁতে তোমাক চিনিও নাপাব।

16

وَجَآءُوٓ أَبَاهُمْ عِشَآءًۭ يَبْكُونَ

And they came to their father at night, weeping.

ইপিনে ইউছুফৰ ভাতৃসকলে নিজৰ ষড়যন্ত্ৰক বাস্তৱ ৰূপ দিবলৈ ৰাতিৰ ভাগত কান্দি কান্দি আহি পিতৃৰ ওচৰত উপস্থিত হ'ল।

17

قَالُوا۟ يَٰٓأَبَانَآ إِنَّا ذَهَبْنَا نَسْتَبِقُ وَتَرَكْنَا يُوسُفَ عِندَ مَتَٰعِنَا فَأَكَلَهُ ٱلذِّئْبُ ۖ وَمَآ أَنتَ بِمُؤْمِنٍۢ لَّنَا وَلَوْ كُنَّا صَٰدِقِينَ

They said, "O our father, indeed we went racing each other and left Joseph with our possessions, and a wolf ate him. But you would not believe us, even if we were truthful."

সিহঁতে ক'লেঃ হে আমাৰ পিতৃঃ আমি দৌৰ আৰু তীৰ প্ৰতিযোগিতা কৰি আছিলো আৰু ইউছুফক ৰাখিছিলো আমাৰ কাপোৰ আৰু বয়-বস্তু পহৰা দিয়াৰ দায়িত্বত। ফলত কুকুৰ-নেচীয়া আহি তাক খাই পেলালে। আমি জানো আপুনি আমাৰ কথাক বিশ্বাস নকৰিব, যদিও আমি আমাৰ কথাত সত্যবাদী নহওঁ কিয়।

18

وَجَآءُو عَلَىٰ قَمِيصِهِۦ بِدَمٍۢ كَذِبٍۢ ۚ قَالَ بَلْ سَوَّلَتْ لَكُمْ أَنفُسُكُمْ أَمْرًۭا ۖ فَصَبْرٌۭ جَمِيلٌۭ ۖ وَٱللَّهُ ٱلْمُسْتَعَانُ عَلَىٰ مَا تَصِفُونَ

And they brought upon his shirt false blood. [Jacob] said, "Rather, your souls have enticed you to something, so patience is most fitting. And Allah is the one sought for help against that which you describe."

সিহঁতে চক্ৰান্ত কৰি নিজৰ যুক্তিক শক্তিশালী কৰিব বিচাৰিছে। সিহঁতে ইউছুফৰ চোলাত কোনোবা জন্তুৰ তেজ লগাই আনিছে, যাতে এই ভ্ৰম সৃষ্টি হয় যে, এইটো কুকুৰ-নেচীয়াই ভক্ষণ কৰাৰ প্ৰমাণ। কিন্তু ইয়াকূবে সিহঁতৰ মিছা দাবীৰ উমান পাই গৈছিল, কাৰণ তেজ লগোৱা চোলাটো অকণো ছিঙা নাছিল। সেয়ে তেওঁ সিহঁতক ক'লেঃ বিষয়টো তেনেকুৱা নহয় যেনেকৈ তোমালোকে কৈ আছা। বৰং তোমালোকৰ অন্তৰে এটা বেয়া কৰ্মক সৌন্দৰ্যময় কৰি দাঙি ধৰিছিল যিটোক তোমালোকে সম্পন্ন কৰিছা। এই ক্ষেত্ৰত মোৰ কৰ্তব্য হৈছে উত্তমৰূপে ধৈৰ্য ধাৰণ কৰা, যত কোনো ধৰণৰ উৎকন্ঠা নাই। ইউছুফ সম্পৰ্কে তোমালোকে যি বিৱৰণ দি আছা, এই ক্ষেত্ৰত আল্লাহেই একমাত্ৰ সহায়ৰ উৎস।

19

وَجَآءَتْ سَيَّارَةٌۭ فَأَرْسَلُوا۟ وَارِدَهُمْ فَأَدْلَىٰ دَلْوَهُۥ ۖ قَالَ يَٰبُشْرَىٰ هَٰذَا غُلَٰمٌۭ ۚ وَأَسَرُّوهُ بِضَٰعَةًۭ ۚ وَٱللَّهُ عَلِيمٌۢ بِمَا يَعْمَلُونَ

And there came a company of travelers; then they sent their water drawer, and he let down his bucket. He said, "Good news! Here is a boy." And they concealed him, [taking him] as merchandise; and Allah was knowing of what they did.

সেই বাটেৰ এদল ভ্ৰমণকাৰী গৈ আছিল, তেওঁলোকে এজনক কুঁৱাৰ পৰা পানী আনিবলৈ প্ৰেৰণ কৰিলে। সেই ব্যক্তিয়ে কুঁৱাৰ পৰা পানী তুলিবলৈ বাল্টি পেলোৱাৰ লগে লগে ইউছুফে ৰছিডাল ধৰি পেলালে। ব্যক্তিজনে তেওঁক দেখাৰ লগে লগে আনন্দত জপিয়াই উঠিল আৰু ক'লেঃ হেৰা শুনা! এটি আনন্দৰ খবৰ, এয়া দেখোন এজন বালক। সি আৰু তাৰ কেইজনমান সঙ্গীয়ে ইউছুফক ব্যৱসায়ী সম্পদ বুলি ভাৱি গোপন কৰি ৰাখিলে। সিহঁতে ইউছুফক লৈ যি দৰ-দাম কৰি আছিল সেই সম্পৰ্কে আল্লাহ সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।

20

وَشَرَوْهُ بِثَمَنٍۭ بَخْسٍۢ دَرَٰهِمَ مَعْدُودَةٍۢ وَكَانُوا۟ فِيهِ مِنَ ٱلزَّٰهِدِينَ

And they sold him for a reduced price - a few dirhams - and they were, concerning him, of those content with little.

পানী আনিবলৈ যোৱা ব্যক্তি আৰু তাৰ সঙ্গীসকলে মিলি ইউছুফক মিচৰৰ বজাৰত অতি নগন্য মূল্যত বিক্ৰী কৰিলে। সহজেই গণিব পাৰা কেইটামান দিৰহামত বিক্ৰী কৰিছিল। তেওঁক অধিক মূল্যত বিক্ৰী কৰাৰো সিহঁতৰ ইচ্ছা নাছিল। কাৰণ অতি দ্ৰুত তেওঁক এৰাব বিচাৰিছিল। দৰাচলতে সিহঁতে ভালদৰেই জানিছিল যে, তেওঁ দাস নহয়। সিহঁতে আশংকা কৰিছিল যে, ইয়াৰ আত্মীয়সকল আহি পৰে নেকি। প্ৰকৃততে এয়া আছিল আল্লাহৰ কৃপা, যাতে ইউছুফে সিহঁতৰ লগত বেছি সময় অতিবাহিত কৰিব নালাগে।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.