Muslim99Muslim99
← Tafsir library

12. Yusuf

Joseph · Meccan · 111 ayahs

سُورَةُ يُوسُفَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 101–110 of 111

101

۞ رَبِّ قَدْ ءَاتَيْتَنِى مِنَ ٱلْمُلْكِ وَعَلَّمْتَنِى مِن تَأْوِيلِ ٱلْأَحَادِيثِ ۚ فَاطِرَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ أَنتَ وَلِىِّۦ فِى ٱلدُّنْيَا وَٱلْءَاخِرَةِ ۖ تَوَفَّنِى مُسْلِمًۭا وَأَلْحِقْنِى بِٱلصَّٰلِحِينَ

My Lord, You have given me [something] of sovereignty and taught me of the interpretation of dreams. Creator of the heavens and earth, You are my protector in this world and in the Hereafter. Cause me to die a Muslim and join me with the righteous."

তাৰ পিছত ইউছুফে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি মোক মিচৰৰ ৰাজত্ব প্ৰদান কৰিছা, আৰু মোক সপোনৰ ব্যাখ্যা শিকাইছা। হে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তথা এই দুয়োকে পূৰ্বৰ কোনো নমুনা অবিহনেই উদ্ভাৱন কৰা উদ্ভাৱক। পাৰ্থিৱ জীৱনৰ মোৰ সকলো কৰ্মৰ পৰিচালক তুমিয়েই, আৰু তুমিয়েই মোৰ আখিৰাতৰ সকলো কৰ্মৰ অভিভাৱক। মোৰ জীৱন কাল শেষ হ'লে মোক মুছলিম অৱস্থাত মৃত্যু প্ৰদান কৰিবা। লগতে মোক জান্নাতৰ উচ্চ স্থানত মোৰ পিতৃপুৰুষসকলৰ মাজৰ যিসকল নবী আছিল আৰু আন আন পূণ্যৱান লোকসকলৰ লগত সাক্ষাৎ কৰাবা।

102

ذَٰلِكَ مِنْ أَنۢبَآءِ ٱلْغَيْبِ نُوحِيهِ إِلَيْكَ ۖ وَمَا كُنتَ لَدَيْهِمْ إِذْ أَجْمَعُوٓا۟ أَمْرَهُمْ وَهُمْ يَمْكُرُونَ

That is from the news of the unseen which We reveal, [O Muhammad], to you. And you were not with them when they put together their plan while they conspired.

হে ৰাছুল! ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ উক্ত ঘটনাটো আমিয়েই আপোনাৰ প্ৰতি অহি কৰিছো। এই সম্পৰ্কে আপোনাৰ একো জ্ঞান নাছিল। কাৰণ সেই সময়ত আপুনি ইউছুফৰ ভাতৃসকলৰ ওচৰত উপস্থিত নাছিল, যেতিয়া সিহঁতে ইউছুফক কুঁৱাত নিক্ষেপ কৰাৰ সিদ্ধান্ত লৈছিল। আৰু এই ক্ষেত্ৰত সিহঁতে ডাঙৰ চক্ৰান্ত ৰচিছিল। আৰু আমি আপোনাক এই সম্পৰ্কে অহী কৰি জনালো।

103

وَمَآ أَكْثَرُ ٱلنَّاسِ وَلَوْ حَرَصْتَ بِمُؤْمِنِينَ

And most of the people, although you strive [for it], are not believers.

হে ৰাছুল! আপুনি যিমানেই প্ৰয়াস নকৰক কিয়, সিহঁতৰ অধিকাংশই ঈমান পোষণ নকৰিব। গতিকে সিহঁতৰ ঈমান পোষণ নকৰাৰ শোকত আপুনি নিজকে ধ্বংস নকৰিব।

104

وَمَا تَسْـَٔلُهُمْ عَلَيْهِ مِنْ أَجْرٍ ۚ إِنْ هُوَ إِلَّا ذِكْرٌۭ لِّلْعَٰلَمِينَ

And you do not ask of them for it any payment. It is not except a reminder to the worlds.

সিহঁতৰ বোধশক্তি থাকিলে নিশ্চয় সিহঁতে আপোনাৰ প্ৰতি ঈমান আনিলেহেঁতেন। কাৰণ হে ৰাছুল! আপুনি সিহঁতৰ পৰা কোৰআন তথা ধৰ্ম-প্ৰচাৰৰ নামত কোনো পাৰিশ্ৰমিক নিবিচাৰে। কোৰআন হৈছে গোটেই বিশ্ববাসীৰ বাবে উপদেশমূলক শিক্ষা।

105

وَكَأَيِّن مِّنْ ءَايَةٍۢ فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ يَمُرُّونَ عَلَيْهَا وَهُمْ عَنْهَا مُعْرِضُونَ

And how many a sign within the heavens and earth do they pass over while they, therefrom, are turning away.

আল্লাহ তাআলাৰ তাওহীদ সম্পৰ্কীয় বহুতো নিদৰ্শন আকাশমণ্ডল তথা পৃথিৱীত প্ৰসাৰিত হৈ আছে। মানুহে সেইবোৰৰ ওচৰেৰে চলাফুৰা কৰে কিন্তু সেইবোৰৰ পৰা শিক্ষা লোৱাৰ প্ৰয়াস নকৰে। আৰু সেইবোৰৰ প্ৰতি মনোযোগও নিদিয়ে।

106

وَمَا يُؤْمِنُ أَكْثَرُهُم بِٱللَّهِ إِلَّا وَهُم مُّشْرِكُونَ

And most of them believe not in Allah except while they associate others with Him.

অধিকাংশ লোকে এই কথা বিশ্বাস কৰে যে, আল্লাহেই সৃষ্টিকৰ্তা আৰু জীৱিকাদাতা, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে কিন্তু সিহঁতে তেওঁৰ সৈতে আন আন মূৰ্তি তথা প্ৰতিমাৰো পূজা পাঠ কৰে। লগতে সিহঁতে এই দাবী কৰে যে, আল্লাহৰ সন্তান আছে। অথচ তেওঁ ইয়াৰ পৰা পৱিত্ৰ।

107

أَفَأَمِنُوٓا۟ أَن تَأْتِيَهُمْ غَٰشِيَةٌۭ مِّنْ عَذَابِ ٱللَّهِ أَوْ تَأْتِيَهُمُ ٱلسَّاعَةُ بَغْتَةًۭ وَهُمْ لَا يَشْعُرُونَ

Then do they feel secure that there will not come to them an overwhelming [aspect] of the punishment of Allah or that the Hour will not come upon them suddenly while they do not perceive?

এই মুশ্বৰিকসকলে নিশ্চিন্ত হৈ গৈছে নেকি যে, পৃথিৱীত সিহঁতৰ ওপৰত এনেকুৱা কোনো শাস্তি নাহিব বুলি, যি শাস্তিয়ে সকলোকে সামৰি লব, আৰু যি শাস্তিক সিহঁতে প্ৰতিৰোধ কৰিব নোৱাৰিব। অথবা হঠাৎ আহিব পৰা ক্বিয়ামতৰ পৰাও নিশ্চিন্ত হৈছে নেকি, যি ক্বিয়ামত সম্পৰ্কে সিহঁতে অকণো সংকেত নাপাব যে তাৰ বাবে সিহঁতে প্ৰস্তুতি লব। এইবোৰৰ পৰা নিশ্চিন্ত হৈ থকাৰ কাৰণে সিহঁতে ঈমান পোষণ নকৰে নেকি?

108

قُلْ هَٰذِهِۦ سَبِيلِىٓ أَدْعُوٓا۟ إِلَى ٱللَّهِ ۚ عَلَىٰ بَصِيرَةٍ أَنَا۠ وَمَنِ ٱتَّبَعَنِى ۖ وَسُبْحَٰنَ ٱللَّهِ وَمَآ أَنَا۠ مِنَ ٱلْمُشْرِكِينَ

Say, "This is my way; I invite to Allah with insight, I and those who follow me. And exalted is Allah; and I am not of those who associate others with Him."

হে ৰাছুল! আপুনি সেইসকল লোকক কৈ দিয়ক যিসকলক আপুনি আল্লাহৰ পিনে আহ্বান কৰি আছে, এইটোৱে মোৰ পথ, যিটোৰ পিনে মই মানুহক আহ্বান কৰোঁ। স্পষ্ট প্ৰমাণৰ সৈতে মই ইয়াৰ পিনে আহ্বান কৰোঁ, লগতে মোৰ অনুসৰণকাৰীসকলে, আৰু মোৰ পথ অৱলম্বনকাৰীসকলে, মোৰ পন্থাত আমলকাৰীসকলেও ইয়াৰ পিনেই আহ্বান কৰে। আল্লাহ প্ৰত্যেক সেইসমূহ বিষয়ৰ পৰা পৱিত্ৰ যিবোৰ তেওঁৰ মহামহিম সত্ত্বাৰ বাবে উপযুক্ত নহয় অথবা যিবোৰ তেওঁৰ পৰিপূৰ্ণতাৰ বাবে ত্ৰুটিযুক্ত। মই আল্লাহৰ লগত শ্বিৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত নহয়। বৰং মই তেওঁৰ তাওহীদ প্ৰতিষ্ঠাকাৰীসকলৰ অন্তৰ্ভুক্ত।

109

وَمَآ أَرْسَلْنَا مِن قَبْلِكَ إِلَّا رِجَالًۭا نُّوحِىٓ إِلَيْهِم مِّنْ أَهْلِ ٱلْقُرَىٰٓ ۗ أَفَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ مِن قَبْلِهِمْ ۗ وَلَدَارُ ٱلْءَاخِرَةِ خَيْرٌۭ لِّلَّذِينَ ٱتَّقَوْا۟ ۗ أَفَلَا تَعْقِلُونَ

And We sent not before you [as messengers] except men to whom We revealed from among the people of cities. So have they not traveled through the earth and observed how was the end of those before them? And the home of the Hereafter is best for those who fear Allah; then will you not reason?

হে নবী! আপোনাৰ পূৰ্বে আমি কেৱল পুৰুষসকলকহে নবী হিচাপে প্ৰেৰণ কৰিছিলো, ফিৰিস্তাসকলক নহয়। তেওঁলোকৰ পিনে অহী কৰিছিলো যিদৰে আপোনাৰ পিনে অহী কৰো। তেওঁলোক নগৰৰেই অধিবাসী আছিল, গাওঁলীয়া নহয়। তেওঁলোকৰ সম্প্ৰদায়সমূহে তেওঁলোকক অস্বীকাৰ কৰিছিল, ফলত আমি সিহঁতক ধ্বংস কৰি দিছিলো। আপোনাক অস্বীকাৰকাৰী সকলে পৃথিৱীত চলাফুৰা নকৰে নেকি, যাতে দেখা পায় যে, পুৰ্বৱৰ্তী লোকসকলৰ কেনেকুৱা পৰিণাম হৈছিল আৰু তাৰ পৰা শিক্ষা গ্ৰহণ কৰিলেহেঁতেন? আখিৰাতৰ নিয়ামতসমূহ সেইসকল লোকৰ বাবে কল্যাণকৰ যিসকলে পৃথিৱীত আল্লাহক ভয় কৰে। তোমালোকে বুজি নোপোৱা নেকি যে, আল্লাহৰ মহান আদেশৰ প্ৰতি আমল কৰাৰ নিমিত্তে ঈমান পোষণ কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা অৰ্থাৎ শ্বিৰ্কৰ পৰা বিৰত থাকি তাক্বৱা অৱলম্বন কৰাটো হৈছে কল্যাণকৰ।

110

حَتَّىٰٓ إِذَا ٱسْتَيْـَٔسَ ٱلرُّسُلُ وَظَنُّوٓا۟ أَنَّهُمْ قَدْ كُذِبُوا۟ جَآءَهُمْ نَصْرُنَا فَنُجِّىَ مَن نَّشَآءُ ۖ وَلَا يُرَدُّ بَأْسُنَا عَنِ ٱلْقَوْمِ ٱلْمُجْرِمِينَ

[They continued] until, when the messengers despaired and were certain that they had been denied, there came to them Our victory, and whoever We willed was saved. And Our punishment cannot be repelled from the people who are criminals.

আমি প্ৰেৰণ কৰা ৰাছুলসকলৰ শত্ৰুসকলক অৱকাশ দি থাকো, সেই কাৰণেই আমি সিহঁতক শাস্তি প্ৰদানত খৰধৰ নকৰো। এতেকে যেতিয়া সিহঁতৰ বিনাশ কাৰ্যত পলম হয়, আনকি ৰাছুলসকলেও সিহঁতৰ বিনাশৰ পৰা নিৰাশ হয়, ইপিনে কাফিৰসকলেও পূৰ্ণ বিশ্বাসত উপনীত হয় যে, ৰাছুলে অস্বীকাৰকাৰী সকলক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু মুমিনসকলক মুক্তিৰ যি অঙ্গীকাৰ দিছিল সেয়া আছিল মিছা দাবী, তেতিয়াই ৰাছুলৰ ওচৰত আমাৰ সহায় আহি পৰে, ফলত ৰাছুলক আৰু মুমিনসকলক সেই বিনাশৰ পৰা ৰক্ষা কৰা হয়। আমাৰ শাস্তি যেতিয়া অপৰাধীৰ ওপৰত অৱতীৰ্ণ হয় সেয়া কেতিয়াও প্ৰতিৰোধ কৰা সম্ভৱ নহয়।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.