Muslim99Muslim99
← Tafsir library

10. Yunus

Jonas · Meccan · 109 ayahs

سُورَةُ يُونُسَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 71–80 of 109

71

۞ وَٱتْلُ عَلَيْهِمْ نَبَأَ نُوحٍ إِذْ قَالَ لِقَوْمِهِۦ يَٰقَوْمِ إِن كَانَ كَبُرَ عَلَيْكُم مَّقَامِى وَتَذْكِيرِى بِـَٔايَٰتِ ٱللَّهِ فَعَلَى ٱللَّهِ تَوَكَّلْتُ فَأَجْمِعُوٓا۟ أَمْرَكُمْ وَشُرَكَآءَكُمْ ثُمَّ لَا يَكُنْ أَمْرُكُمْ عَلَيْكُمْ غُمَّةًۭ ثُمَّ ٱقْضُوٓا۟ إِلَىَّ وَلَا تُنظِرُونِ

And recite to them the news of Noah, when he said to his people, "O my people, if my residence and my reminding of the signs of Allah has become burdensome upon you - then I have relied upon Allah. So resolve upon your plan and [call upon] your associates. Then let not your plan be obscure to you. Then carry it out upon me and do not give me respite.

হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক নূহ আলাইহিছ ছালামৰ বিষয়ে শুনাওক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক সম্বোধন কৰি কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই তোমালোকৰ সন্মুখত থিয় হোৱাটো তোমালোকে যদি সহ্য কৰিব নোৱাৰা, আৰু আল্লাহৰ আয়াতৰ জৰিয়তে মই তোমালোকক দিয়া উপদেশ আৰু মোৰ বক্তব্য যদি তোমালোকৰ বাবে কষ্টকৰ হয়, তথা তোমালোকে যদি মোক হত্যা কৰাৰ সংকল্প লৈছাই তেন্তে শুনা! মই তোমালোকৰ চক্ৰান্তক ৰোধ কৰিবলৈ কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰিছো। এতেকে তোমালোকে নিজৰ বিষয়টো সুনিশ্চিত কৰা, আৰু মোক হত্যা কৰাৰ পূৰ্ণ প্ৰতিজ্ঞা লোৱা, তথা সহায়ৰ বাবে তোমালোকৰ সকলো উপাস্যক মাতি লোৱা। তাৰ পিছত তোমালোকৰ চক্ৰান্তক গোপন ৰহস্য কৰি নাৰাখিবা, আৰু মোক হত্যা কৰাৰ তোমালোকৰ যি পৰিকল্পনা আছে সেয়া বাস্তৱায়ন কৰা, আৰু মোক অকণো অৱকাশ নিদিবা।

72

فَإِن تَوَلَّيْتُمْ فَمَا سَأَلْتُكُم مِّنْ أَجْرٍ ۖ إِنْ أَجْرِىَ إِلَّا عَلَى ٱللَّهِ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ ٱلْمُسْلِمِينَ

And if you turn away [from my advice] then no payment have I asked of you. My reward is only from Allah, and I have been commanded to be of the Muslims."

যদি তোমালোকে মোৰ আহ্বানৰ পৰা বিমুখ হোৱা, তেন্তে তোমালোকেতো জানাই, মই মোৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াৰ বিনিময়ত তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক বিচৰা নাই। তোমালোকে মোৰ প্ৰতি ঈমান পোষণ কৰা বা নকৰা, মোৰ প্ৰতিদান একমাত্ৰ আল্লাহৰ অধীনত। আল্লাহে মোক আদেশ দিছে মই যেন তেওঁৰ ইবাদত কৰো আৰু সৎকৰ্মৰ জৰিয়তে তেওঁৰ আনুগত্য কৰোঁ।

73

فَكَذَّبُوهُ فَنَجَّيْنَٰهُ وَمَن مَّعَهُۥ فِى ٱلْفُلْكِ وَجَعَلْنَٰهُمْ خَلَٰٓئِفَ وَأَغْرَقْنَا ٱلَّذِينَ كَذَّبُوا۟ بِـَٔايَٰتِنَا ۖ فَٱنظُرْ كَيْفَ كَانَ عَٰقِبَةُ ٱلْمُنذَرِينَ

And they denied him, so We saved him and those with him in the ship and made them successors, and We drowned those who denied Our signs. Then see how was the end of those who were warned.

তথাপিও তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিলে, আৰু তেওঁক সমৰ্থন নকৰিলে। ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে নাৱঁত আৰোহণ কৰা মুমিনসকলক ৰক্ষা কৰিলো। আৰু তেওঁলোকক পূৰ্বৱৰ্তী লোকসকলৰ উত্তৰাধিকাৰী কৰি দিলো। আৰু যিসকলে তেওঁ লৈ অহা নিদৰ্শন আৰু প্ৰমাণবোৰক অস্বীকাৰ কৰিছিল, সিহঁতক আমি তুফানৰ জৰিয়তে ধ্বংস কৰিলো। এতেকে হে ৰাছুল! চিন্তা কৰকচোন, যিসকলক নূহ আলাইহিছ ছালামে সতৰ্ক কৰিছিল কিন্তু সিহঁতে ঈমান পোষণ কৰা নাছিল, সেইসকল লোকৰ অন্তিম পৰিণাম কেনেকুৱা আছিল?

74

ثُمَّ بَعَثْنَا مِنۢ بَعْدِهِۦ رُسُلًا إِلَىٰ قَوْمِهِمْ فَجَآءُوهُم بِٱلْبَيِّنَٰتِ فَمَا كَانُوا۟ لِيُؤْمِنُوا۟ بِمَا كَذَّبُوا۟ بِهِۦ مِن قَبْلُ ۚ كَذَٰلِكَ نَطْبَعُ عَلَىٰ قُلُوبِ ٱلْمُعْتَدِينَ

Then We sent after him messengers to their peoples, and they came to them with clear proofs. But they were not to believe in that which they had denied before. Thus We seal over the hearts of the transgressors

নূহ আলাইহিছ ছালামৰ পিছত আমি বহুতো ৰাছুলক তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছো। তথা ৰাছুলসকলে তেওঁলোকৰ জাতিৰ ওচৰত নিদৰ্শন আৰু প্ৰমাণ লৈ আহিছিল। কিন্তু ৰাছুলসকলক অস্বীকাৰ কৰাৰ সিহঁতৰ যি পুৰণি স্বভাৱ আছিল তাৰ পৰিপ্ৰেক্ষিতত সিহঁতৰ মাজত ঈমান পোষণ কৰাৰ কোনো লক্ষণ নাছিল। ফলত আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছিল। যিদৰে আমি পূৰ্বৱৰ্তী ৰাছুলসকলৰ অনুসাৰীসকলৰ অন্তৰত মোহৰ মাৰিছিলো, ঠিক সেইদৰে আমি প্ৰত্যেক ঠাই আৰু প্ৰত্যেক যুগৰ সেই কাফিৰসকলৰ অন্তৰত মোহৰ লগাই দিম, যিসকলে কুফৰৰ পন্থা অৱলম্বন কৰি আল্লাহৰ সীমালঙ্ঘন কৰে।

75

ثُمَّ بَعَثْنَا مِنۢ بَعْدِهِم مُّوسَىٰ وَهَٰرُونَ إِلَىٰ فِرْعَوْنَ وَمَلَإِي۟هِۦ بِـَٔايَٰتِنَا فَٱسْتَكْبَرُوا۟ وَكَانُوا۟ قَوْمًۭا مُّجْرِمِينَ

Then We sent after them Moses and Aaron to Pharaoh and his establishment with Our signs, but they behaved arrogantly and were a criminal people

এটা দীৰ্ঘ সময়ৰ অন্তত এই ৰাছুলসকলৰ পিছত আমি মূছা আৰু তেওঁৰ ভাতৃ হাৰূন আলাইহিমাছ ছালামক মিচৰৰ ৰজা ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ ওচৰত প্ৰেৰণ কৰিলো। আমি তেওঁলোক দুয়োকে তেওঁলোকৰ সত্যতা প্ৰমাণকাৰী নিদৰ্শনৰ সৈতে প্ৰেৰণ কৰিছিলো। কিন্তু সিহঁতে অহংকাৰ কৰিলে আৰু তেওঁলোকে লৈ অহা বিষয়ৰ প্ৰতি ঈমান পোষণ নকৰিলে। দৰাচলতে সিহঁত আছিল অপৰাধী সম্প্ৰদায়, কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল।

76

فَلَمَّا جَآءَهُمُ ٱلْحَقُّ مِنْ عِندِنَا قَالُوٓا۟ إِنَّ هَٰذَا لَسِحْرٌۭ مُّبِينٌۭ

So when there came to them the truth from Us, they said, "Indeed, this is obvious magic."

এতেকে যেতিয়া ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ ওচৰত মূছা আৰু তেওঁৰ ভাতৃয়ে লৈ অহা নিদৰ্শনসমূহ উপস্থাপন কৰা হ'ল, তেতিয়া সিহঁতে মূছা আলাইহিছ ছালামে নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ লৈ অহা নিদৰ্শন সম্পৰ্কে মন্তব্য কৰি ক'লেঃ নিশ্চয় এইবোৰ স্পষ্ট যাদু, এইবোৰ বাস্তৱ নহয়।

77

قَالَ مُوسَىٰٓ أَتَقُولُونَ لِلْحَقِّ لَمَّا جَآءَكُمْ ۖ أَسِحْرٌ هَٰذَا وَلَا يُفْلِحُ ٱلسَّٰحِرُونَ

Moses said, "Do you say [thus] about the truth when it has come to you? Is this magic? But magicians will not succeed."

মূছা আলাইহিছ ছালামে তেতিয়া সিহঁতক নিন্দা কৰি ক'লেঃ তোমালোকৰ ওচৰত সত্য অহাৰ পিছত সেইটোক তোমালোকে যাদু বুলি কৈ আছা? কেতিয়াও নহয়, এয়া যাদু নহয়। মই ভালদৰে জানো যাদুকৰ কেতিয়াও সফল হ'ব নোৱাৰে। তেন্তে মই কিয় এনেকুৱা পন্থাত লিপ্ত হ'ম?

78

قَالُوٓا۟ أَجِئْتَنَا لِتَلْفِتَنَا عَمَّا وَجَدْنَا عَلَيْهِ ءَابَآءَنَا وَتَكُونَ لَكُمَا ٱلْكِبْرِيَآءُ فِى ٱلْأَرْضِ وَمَا نَحْنُ لَكُمَا بِمُؤْمِنِينَ

They said, "Have you come to us to turn us away from that upon which we found our fathers and so that you two may have grandeur in the land? And we are not believers in you."

ফিৰআউনৰ সম্প্ৰদায়ে মূছা আলাইহিছ ছালামক এই বুলি উত্তৰ দিলে যে, তোমালোকে এই যাদু লৈ আমাৰ ওচৰত এই কাৰণে আহিছা, যাতে তোমালোকে আমাক আমাৰ সেই ধৰ্মৰ পৰা আঁতৰাব পাৰা যি ধৰ্মত আমি আমাৰ আজুককাসকলক পাইছিলো, আৰু যাতে তুমি আৰু তোমাৰ ভাতৃয়ে ৰাজত্ব লাভ কৰিব পাৰা? হে মূছা আৰু হাৰূন! দৰাচলতে আমি এইটো কেতিয়াও স্বীকাৰ নকৰো যে, তোমালোকক আমাৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰণ কৰা হৈছে।

79

وَقَالَ فِرْعَوْنُ ٱئْتُونِى بِكُلِّ سَٰحِرٍ عَلِيمٍۢ

And Pharaoh said, "Bring to me every learned magician."

ফিৰআউনে নিজ সম্প্ৰদায়ক আদেশ কৰি কলে, মোৰ ওচৰলৈ এনেকুৱা প্ৰত্যেক যাদুকৰসকলক উপস্থিত কৰা, যিসকল যাদুৰ ক্ষেত্ৰত পৰিপূৰ্ণ জ্ঞান ৰাখে তথা এই ক্ষেত্ৰত অতি দক্ষ।

80

فَلَمَّا جَآءَ ٱلسَّحَرَةُ قَالَ لَهُم مُّوسَىٰٓ أَلْقُوا۟ مَآ أَنتُم مُّلْقُونَ

So when the magicians came, Moses said to them, "Throw down whatever you will throw."

,ফিৰআউনৰ ওচৰত যেতিয়া যাদুকৰসকলক অনা হ'ল, ইপিনে মূছা আলাহিছ ছালাম পূৰ্ণ বিশ্বাসী আছিল যে সিহঁতৰ ওপৰত তেৱেঁই বিজয় লাভ কৰিব, সেয়ে তেওঁ সিহঁতক উদ্দেশি ক'লেঃ হে যাদুকৰসকল! নিক্ষেপ কৰা, তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.