Muslim99Muslim99
← Tafsir library

10. Yunus

Jonas · Meccan · 109 ayahs

سُورَةُ يُونُسَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 61–70 of 109

61

وَمَا تَكُونُ فِى شَأْنٍۢ وَمَا تَتْلُوا۟ مِنْهُ مِن قُرْءَانٍۢ وَلَا تَعْمَلُونَ مِنْ عَمَلٍ إِلَّا كُنَّا عَلَيْكُمْ شُهُودًا إِذْ تُفِيضُونَ فِيهِ ۚ وَمَا يَعْزُبُ عَن رَّبِّكَ مِن مِّثْقَالِ ذَرَّةٍۢ فِى ٱلْأَرْضِ وَلَا فِى ٱلسَّمَآءِ وَلَآ أَصْغَرَ مِن ذَٰلِكَ وَلَآ أَكْبَرَ إِلَّا فِى كِتَٰبٍۢ مُّبِينٍ

And, [O Muhammad], you are not [engaged] in any matter or recite any of the Qur'an and you [people] do not do any deed except that We are witness over you when you are involved in it. And not absent from your Lord is any [part] of an atom's weight within the earth or within the heaven or [anything] smaller than that or greater but that it is in a clear register.

হে ৰাছুল! আপুনি যি কৰ্মতেই নাথাকক কিয় আৰু কোৰআনৰ পৰা যিখিনিয়ে তিলাৱত নকৰক কিয়, তথা হে মুমিনসকল! তোমালোকে যি কামেই নকৰা কিয়, মই তোমালোকক দেখোঁ, তোমালোকৰ বিষয়ে জানো আৰু তোমালোকক শুনা পাওঁ যেতিয়া তোমালোকে কৰ্ম আৰম্ভ কৰা। তোমাৰ প্ৰতিপালকৰ জ্ঞানৰ পৰা আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱেই অদৃশ্য নহয়। সৰুৱেই হওঁক অথবা ডাঙৰ। প্ৰত্যেকটো বিষয় স্পষ্ট পুথিত লিপিবদ্ধ আছে। এনেকুৱা পুথি য’ত সৰু বৰ সকলো বিষয় লিপিবদ্ধ।

62

أَلَآ إِنَّ أَوْلِيَآءَ ٱللَّهِ لَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ

Unquestionably, [for] the allies of Allah there will be no fear concerning them, nor will they grieve

জানি থোৱা! নিশ্চয় আল্লাহৰ অলীসকলৰ বাবে ক্বিয়ামতৰ ভয়াৱহতাৰ সন্মুখীন হোৱাৰ কোনো ভয় নাই। আনকি পৃথিৱীত এৰি থৈ যোৱা অংশৰ বিষয়েও কোনো চিন্তা নহ'ব।

63

ٱلَّذِينَ ءَامَنُوا۟ وَكَانُوا۟ يَتَّقُونَ

Those who believed and were fearing Allah

এওঁলোক হৈছে আল্লাহৰ সেইসকল অলী, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছিল, তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰিছিল।

64

لَهُمُ ٱلْبُشْرَىٰ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَفِى ٱلْءَاخِرَةِ ۚ لَا تَبْدِيلَ لِكَلِمَٰتِ ٱللَّهِ ۚ ذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ

For them are good tidings in the worldly life and in the Hereafter. No change is there in the words of Allah. That is what is the great attainment.

তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা পৃথিৱীত সুসংবাদ স্বৰূপে আছে নেক সপোন আৰু মানুহৰ প্ৰশংসা। লগতে তেওঁলোকৰ বাবে সুসংবাদ আছে ফিৰিস্তাসকলৰ ফালৰ পৰা যেতিয়া তেওঁলোকৰ প্ৰাণ হৰণ কৰা হ'ব, আৰু মৃত্যুৰ পিছত আৰু হাচৰৰ ময়দানত। আল্লাহে তেওঁলোকৰ লগত যি প্ৰতিশ্ৰুতি কৰিছে তাত কোনো পৰিবৰ্তন নহ'ব। এই প্ৰতিফলেই হৈছে মহাসফলতা। কাৰণ ইয়াত আছে উদ্দেশ্যৰ প্ৰাপ্তি আৰু ভয়ৰ পৰা মুক্তি।

65

وَلَا يَحْزُنكَ قَوْلُهُمْ ۘ إِنَّ ٱلْعِزَّةَ لِلَّهِ جَمِيعًا ۚ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ

And let not their speech grieve you. Indeed, honor [due to power] belongs to Allah entirely. He is the Hearing, the Knowing.

হে ৰাছুল! ইহঁতে আপোনাৰ ধৰ্ম সম্পৰ্কে যি তিৰস্কাৰ আৰু ঠাট্টা-মস্কৰা কৰে, তাত আপুনি দুখী নহ'ব। নিশ্চয় সকলো ধৰণৰ প্ৰভুত্ব আৰু আধিপত্য কেৱল আল্লাহৰ বাবে। ইয়াক কোনেও বিৱশ কৰিব নোৱাৰে। অৱশ্যে তেওঁ সিহঁতৰ কথা শ্ৰৱণকাৰী আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত। আৰু অচিৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিফল দিব।

66

أَلَآ إِنَّ لِلَّهِ مَن فِى ٱلسَّمَٰوَٰتِ وَمَن فِى ٱلْأَرْضِ ۗ وَمَا يَتَّبِعُ ٱلَّذِينَ يَدْعُونَ مِن دُونِ ٱللَّهِ شُرَكَآءَ ۚ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَإِنْ هُمْ إِلَّا يَخْرُصُونَ

Unquestionably, to Allah belongs whoever is in the heavens and whoever is on the earth. And those who invoke other than Allah do not [actually] follow [His] "partners." They follow not except assumption, and they are not but falsifying

জানি থোৱা! আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোৰে একমাত্ৰ মালিক আল্লাহ তাআলা। মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰৰ উপাসনা কৰি আছে, সিহঁতে দৰাচলতে কাৰ অনুসৰণ কৰি আছে, প্ৰকৃততে সিহঁতে ভ্ৰম আৰু সন্দেহ-সংশয়ৰহে অনুসৰণ কৰি আছে। লগতে সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি কেৱল মিছা আৰোপ কৰি আছে। নিশ্চয় আল্লাহ সিহঁতৰ এই অবান্তৰ কথাৰ পৰা অতি উচ্চ আৰু মহান।

67

هُوَ ٱلَّذِى جَعَلَ لَكُمُ ٱلَّيْلَ لِتَسْكُنُوا۟ فِيهِ وَٱلنَّهَارَ مُبْصِرًا ۚ إِنَّ فِى ذَٰلِكَ لَءَايَٰتٍۢ لِّقَوْمٍۢ يَسْمَعُونَ

It is He who made for you the night to rest therein and the day, giving sight. Indeed in that are signs for a people who listen.

হে মানৱজাতি! তেৱেঁই তোমালোকৰ বাবে ৰাতি বনাইছে যাতে তোমালোকে ভাগৰ, আমনি আৰু ক্লান্তিৰ পৰা বিশ্ৰাম লব পাৰা। আৰু দিন বনাইছে আলোকময় যাতে তোমালোকে জীৱনোপকৰণৰ বাবে লাভদায়ক বস্তুৰ সন্ধান কৰিব পাৰা। নিশ্চয় ইয়াত সেইসকল লোকৰ বাবে আছে স্পষ্ট নিদৰ্শন, যিসকলে মানিবলৈ আৰু গ্ৰহণ কৰাৰ উদ্দেশ্যে শুনে।

68

قَالُوا۟ ٱتَّخَذَ ٱللَّهُ وَلَدًۭا ۗ سُبْحَٰنَهُۥ ۖ هُوَ ٱلْغَنِىُّ ۖ لَهُۥ مَا فِى ٱلسَّمَٰوَٰتِ وَمَا فِى ٱلْأَرْضِ ۚ إِنْ عِندَكُم مِّن سُلْطَٰنٍۭ بِهَٰذَآ ۚ أَتَقُولُونَ عَلَى ٱللَّهِ مَا لَا تَعْلَمُونَ

They have said, "Allah has taken a son." Exalted is He; He is the [one] Free of need. To Him belongs whatever is in the heavens and whatever is in the earth. You have no authority for this [claim]. Do you say about Allah that which you do not know?

মুশ্বৰিকসকলৰ এটা দলে কয় যে, আল্লাহে ফিৰিস্তাসকলক নিজৰ কন্যা বনাই লৈছে। আল্লাহ সিহঁতৰ এনেকুৱা অবান্তৰ কথাৰ পৰা পৱিত্ৰ। পৱিত্ৰ আল্লাহ তেওঁৰ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। হে মুশ্বৰিকসকল! তোমালোকৰ ওচৰত তোমালোকৰ এই কথাৰ কোনো প্ৰমাণ নাই। কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ আল্লাহৰ সন্তান দাবী কৰি তোমালোকে যি মহা অপৰাধ কৰিছা, ইয়াৰ সত্যতা সম্পৰ্কে তোমালোকৰ জ্ঞান নাই।

69

قُلْ إِنَّ ٱلَّذِينَ يَفْتَرُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ لَا يُفْلِحُونَ

Say, "Indeed, those who invent falsehood about Allah will not succeed."

হে ৰাছুল! সিহঁতক কৈ দিয়ক, যিসকলে আল্লাহৰ সন্তান আছে বুলি মিছা অভিযোগ উত্থাপন কৰে, সিহঁত কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰে, আৰু যাক সিহঁতে ভয় কৰে তাৰ পৰাও মুক্তি পাব নোৱাৰে।

70

مَتَٰعٌۭ فِى ٱلدُّنْيَا ثُمَّ إِلَيْنَا مَرْجِعُهُمْ ثُمَّ نُذِيقُهُمُ ٱلْعَذَابَ ٱلشَّدِيدَ بِمَا كَانُوا۟ يَكْفُرُونَ

[For them is brief] enjoyment in this world; then to Us is their return; then We will make them taste the severe punishment because they used to disbelieve

এতেকে সিহঁতে পৃথিৱীৰ সুখ সামগ্ৰী আৰু নিয়ামতৰ যি আনন্দ লৈ আছে, সেয়া যেন সিহঁতক প্ৰতাৰিত নকৰে। কিয়নো এয়া হৈছে নগণ্য ভোগসামগ্ৰী, যিবোৰ ধ্বংসশীল। তাৰ পিছত ক্বিয়ামতৰ দিনা আমাৰ ওচৰলৈকেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেতিয়া আমি সিহঁতক আল্লাহৰ লগত কুফুৰী কৰাৰ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰাৰ কাৰণে কঠোৰ শাস্তিৰ সোৱাদ উপভোগ কৰাম।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.