Muslim99Muslim99
← Tafsir library

10. Yunus

Jonas · Meccan · 109 ayahs

سُورَةُ يُونُسَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 51–60 of 109

51

أَثُمَّ إِذَا مَا وَقَعَ ءَامَنتُم بِهِۦٓ ۚ ءَآلْـَٰٔنَ وَقَدْ كُنتُم بِهِۦ تَسْتَعْجِلُونَ

Then is it that when it has [actually] occurred you will believe in it? Now? And you were [once] for it impatient

তোমালোকক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই শাস্তি তোমালোকৰ ওপৰত আহি পৰাৰ পিছত তোমালোকে ঈমান আনিবা নেকি, অথচ সেই সময়ৰ ঈমানে কোনো ব্যক্তিক লাভান্বিত নকৰিব, যদি সি পূৰ্বে ঈমান পোষণ কৰা নাই? তোমালোকে এতিয়া ঈমান আনিবা, অথচ ইতিপূৰ্বে তোমালোকে অস্বীকাৰ কৰি শাস্তিৰ বাবে খৰধৰ কৰি আছিলা?

52

ثُمَّ قِيلَ لِلَّذِينَ ظَلَمُوا۟ ذُوقُوا۟ عَذَابَ ٱلْخُلْدِ هَلْ تُجْزَوْنَ إِلَّا بِمَا كُنتُمْ تَكْسِبُونَ

Then it will be said to those who had wronged, "Taste the punishment of eternity; are you being recompensed except for what you used to earn?"

এতেকে সিহঁতক শাস্তিত প্ৰৱেশ কৰোৱাৰ পিছত আৰু সেই শাস্তিৰ পৰা সিহঁতে যেতিয়া মুক্তি বিচাৰি আবেদন কৰিব তেতিয়া সিহঁতক কোৱা হ'বঃ আখিৰাতৰ চিৰস্থায়ী শাস্তিৰ সোৱাদ উপভোগ কৰা। তোমালোকক কেৱল তোমালোকৰ কুফুৰী আৰু পাপকৰ্মৰেই প্ৰতিদান দিয়া হ'ব।

53

۞ وَيَسْتَنۢبِـُٔونَكَ أَحَقٌّ هُوَ ۖ قُلْ إِى وَرَبِّىٓ إِنَّهُۥ لَحَقٌّۭ ۖ وَمَآ أَنتُم بِمُعْجِزِينَ

And they ask information of you, [O Muhammad], "Is it true?" Say, "Yes, by my Lord. Indeed, it is truth; and you will not cause failure [to Allah]."

হে ৰাছুল! মুশ্বৰিকসকলে আপোনাক সোধে যে, আমাক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া সত্য নে? আপুনি সিহঁতক কৈ দিয়ক যে, হয়। আল্লাহৰ শপত! নিশ্চয় এয়া সত্য। আৰু তোমালোক ইয়াৰ পৰা ৰক্ষা নাপাবা।

54

وَلَوْ أَنَّ لِكُلِّ نَفْسٍۢ ظَلَمَتْ مَا فِى ٱلْأَرْضِ لَٱفْتَدَتْ بِهِۦ ۗ وَأَسَرُّوا۟ ٱلنَّدَامَةَ لَمَّا رَأَوُا۟ ٱلْعَذَابَ ۖ وَقُضِىَ بَيْنَهُم بِٱلْقِسْطِ ۚ وَهُمْ لَا يُظْلَمُونَ

And if each soul that wronged had everything on earth, it would offer it in ransom. And they will confide regret when they see the punishment; and they will be judged in justice, and they will not be wronged

আল্লাহৰ লগত শ্বিৰ্ক কৰা প্ৰত্যেক ব্যক্তিয়ে যদি পৃথিৱীৰ সকলো অমূল্য সম্পদ লাভ কৰে, আল্লাহৰ শাস্তিৰ পৰা নিজকে ৰক্ষা কৰাৰ বিনিময়ত সেই সকলোবোৰ সিহঁতে প্ৰদান কৰিবলৈ দ্বিধাবোধ নকৰিব, যদি এনেকুৱা কৰাৰ অৱকাশ দিয়া হয়। মুশ্বৰিকসকলে ক্বিয়ামতৰ দিনা যেতিয়া শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁতে কুফৰৰ প্ৰতি সিহঁতৰ অনুতাপ গোপন কৰাৰ চেষ্টা কৰিব। আল্লাহে সিহঁতৰ মাজত ন্যায়ৰ সৈতে ফয়চালা কৰিব, আৰু কাৰো প্ৰতি অন্যায় কৰা নহব, বৰং সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিফল দিয়া হ'ব।

55

أَلَآ إِنَّ لِلَّهِ مَا فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۗ أَلَآ إِنَّ وَعْدَ ٱللَّهِ حَقٌّۭ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ

Unquestionably, to Allah belongs whatever is in the heavens and the earth. Unquestionably, the promise of Allah is truth, but most of them do not know

জানি থোৱা! আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোবোৰৰ একমাত্ৰ মালিক আল্লাহ তাআলা। জানি থোৱা! কাফিৰসকলক শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি নিশ্চিতভাৱে পূৰণ হ'ব, ইয়াত কোনো সন্দেহ নাই। কিন্তু অধিকাংশ লোকে এই বিষয়টো নাজানে, সেয়ে সিহঁত সংশয়ত পতিত হৈ আছে।

56

هُوَ يُحْىِۦ وَيُمِيتُ وَإِلَيْهِ تُرْجَعُونَ

He gives life and causes death, and to Him you will be returned

সেই পৱিত্ৰ সত্ত্বাই মৃতক জীৱিত কৰে, আৰু জীৱিতক মৃত্যু দান কৰে। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তন কৰিবা। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।

57

يَٰٓأَيُّهَا ٱلنَّاسُ قَدْ جَآءَتْكُم مَّوْعِظَةٌۭ مِّن رَّبِّكُمْ وَشِفَآءٌۭ لِّمَا فِى ٱلصُّدُورِ وَهُدًۭى وَرَحْمَةٌۭ لِّلْمُؤْمِنِينَ

O mankind, there has to come to you instruction from your Lord and healing for what is in the breasts and guidance and mercy for the believers.

হে মানৱজাতি! তোমালোকৰ ওচৰত কোৰআন আহি পৰিছে, য'ত আছে উপদেশ, প্ৰেৰণা আৰু সতৰ্কবাণী। ই অন্তৰত থকা সন্দেহ ও সংশয়মূলক ব্যাধি নিৰ্মূল কৰে, সত্যৰ পথ প্ৰদৰ্শন কৰে। তথা তাত মুমিনসকলৰ বাবে আছে দয়া, কিয়নো তেওঁলোকেই ইয়াৰ পৰা উপকৃত হয়।

58

قُلْ بِفَضْلِ ٱللَّهِ وَبِرَحْمَتِهِۦ فَبِذَٰلِكَ فَلْيَفْرَحُوا۟ هُوَ خَيْرٌۭ مِّمَّا يَجْمَعُونَ

Say, "In the bounty of Allah and in His mercy - in that let them rejoice; it is better than what they accumulate."

হে ৰাছুল! আপুনি মানুহক জনাই দিয়ক যে, মই তোমালোকৰ ওচৰত যি কোৰআন আনিছো সেয়া হৈছে তোমালোকৰ বাবে আল্লাহৰ এটা অনুগ্ৰহ আৰু ইয়াৰ জৰিয়তে তেওঁ তোমালোকৰ ওপৰত কৃপা কৰিছে। এতেকে এই কোৰআন অৱতীৰ্ণ কৰি আল্লাহে তোমালোকৰ প্ৰতি যি অনুগ্ৰহ আৰু দয়া কৰিছে তাৰ পৰিপ্ৰেক্ষিতত তোমালোকে আনন্দ প্ৰকাশ কৰা। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকৰ ফালৰ পৰা যি লৈ আহিছে, সেয়া এই ধ্বংসশীল পৃথিৱীৰ সকলো সা-সামগ্ৰীতকৈ উত্তম, যিবোৰ সিহঁতে সঞ্চয় কৰি আছে।

59

قُلْ أَرَءَيْتُم مَّآ أَنزَلَ ٱللَّهُ لَكُم مِّن رِّزْقٍۢ فَجَعَلْتُم مِّنْهُ حَرَامًۭا وَحَلَٰلًۭا قُلْ ءَآللَّهُ أَذِنَ لَكُمْ ۖ أَمْ عَلَى ٱللَّهِ تَفْتَرُونَ

Say, "Have you seen what Allah has sent down to you of provision of which you have made [some] lawful and [some] unlawful?" Say, "Has Allah permitted you [to do so], or do you invent [something] about Allah?"

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কওঁক যে, আল্লাহে তোমালোকৰ প্ৰতি জীৱিকা অৱতীৰ্ণ কৰি যি উপকাৰ কৰিছে সেই সম্পৰ্কে কোৱাচোন, তাত তোমালোকে নিজৰ ইচ্ছা মতে কিছুমানক হাৰাম কৰিছা আৰু কিছুমানক হালাল কৰিছা। সিহঁতক সোধকঃ তোমালোকে যিবোৰক হালাল কৰিছা সেইবোৰক হালাল কৰাৰ আৰু যিবোৰক হাৰাম কৰিছা সেইবোৰক হাৰাম কৰাৰ আল্লাহে অনুমতি প্ৰদান কৰিছে নেকি? নে তোমালোকে আল্লাহৰ প্ৰতি মিছা আৰোপ লগাই আছা?

60

وَمَا ظَنُّ ٱلَّذِينَ يَفْتَرُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ يَوْمَ ٱلْقِيَٰمَةِ ۗ إِنَّ ٱللَّهَ لَذُو فَضْلٍ عَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَشْكُرُونَ

And what will be the supposition of those who invent falsehood about Allah on the Day of Resurrection? Indeed, Allah is full of bounty to the people, but most of them are not grateful."

আল্লাহৰ প্ৰতি মিছা আৰোপকাৰী সকলে কি ভাৱে, ক্বিয়ামতৰ দিনা সিহঁতৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা হ'ব? সিহঁতে ভাৱে নেকি যে সিহঁতক ক্ষমা কৰি দিয়া হ'ব? এয়া বহুত দূৰৰ কথা। প্ৰকৃততে আল্লাহ বৰ দয়ালু, তেওঁ মানুহক অৱকাশ দিয়ে, আৰু সিহঁতক শাস্তি দিয়াৰ ক্ষেত্ৰত খৰধৰ নকৰে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই আল্লাহৰ নিয়ামত অস্বীকাৰ কৰে। সিহঁতে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ নকৰে।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.