Muslim99Muslim99
← Tafsir library

10. Yunus

Jonas · Meccan · 109 ayahs

سُورَةُ يُونُسَ

Reading Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies

Ayahs 31–40 of 109

31

قُلْ مَن يَرْزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلْأَرْضِ أَمَّن يَمْلِكُ ٱلسَّمْعَ وَٱلْأَبْصَٰرَ وَمَن يُخْرِجُ ٱلْحَىَّ مِنَ ٱلْمَيِّتِ وَيُخْرِجُ ٱلْمَيِّتَ مِنَ ٱلْحَىِّ وَمَن يُدَبِّرُ ٱلْأَمْرَ ۚ فَسَيَقُولُونَ ٱللَّهُ ۚ فَقُلْ أَفَلَا تَتَّقُونَ

Say, "Who provides for you from the heaven and the earth? Or who controls hearing and sight and who brings the living out of the dead and brings the dead out of the living and who arranges [every] matter?" They will say, "Allah," so say, "Then will you not fear Him?"

হে ৰাছুল! আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা এই লোকসকলক সোধকচোন যে, আকাশৰ পৰা বৰষুণ বৰ্ষাই তোমালোকক কোনে জীৱিকা প্ৰদান কৰে? তথা ভূমিৰ পৰা উদ্ভিদ সৃষ্টি কৰি আৰু মাটিৰ তলত নিহিত থকা খনিজ সম্পদৰ দ্বাৰা কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? কোনে নিৰ্জীৱৰ পৰা জীৱ সৃষ্টি কৰে? যেনে শুক্ৰাণুৰ পৰা মানুহ আৰু কণীৰ পৰা চৰাই। আৰু কোনে নিৰ্জীৱক সজীৱৰ পৰা উলিয়ায়? যেনে- জীৱৰ পৰা শুক্ৰাণু আৰু চৰাইৰ পৰা কণী। আকাশমণ্ডল আৰু পৃথিৱী আৰু ইয়াৰ মাজত থকা জীৱৰ সকলো প্ৰয়োজনীয় সা-সামগ্ৰী কোনে যোগান ধৰে? সিহঁতে উত্তৰ দিবঃ এই সকলোবোৰ আল্লাহেই সম্পাদন কৰে। তেতিয়া আপুনি সিহঁতক কৈ দিয়ক যে, তেন্তে তোমালোকে এয়া নাজানা নেকি, আৰু তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি তেওঁক ভয় নকৰা কিয়?

32

فَذَٰلِكُمُ ٱللَّهُ رَبُّكُمُ ٱلْحَقُّ ۖ فَمَاذَا بَعْدَ ٱلْحَقِّ إِلَّا ٱلضَّلَٰلُ ۖ فَأَنَّىٰ تُصْرَفُونَ

For that is Allah, your Lord, the Truth. And what can be beyond truth except error? So how are you averted?

হে মানৱজাতি! যি সত্ত্বায় এই সকলো সম্পাদন কৰি আছে, তেৱেঁই আল্লাহ তোমালোকৰ প্ৰকৃত সৃষ্টিকৰ্তা। তেৱেঁই তোমালোকৰ কৰ্মৰ তত্বাৱধায়ক। এতেকে সত্য জনাৰ পিছত সত্যৰ পৰা আঁতৰি থকা অথবা বিনাশৰ বাহিৰে আন কি থাকিব পাৰে? এতেকে এনেকুৱা স্পষ্ট সত্য ত্যাগ কৰি তোমালোকৰ বিবেক কলৈ গুচি যায়?

33

كَذَٰلِكَ حَقَّتْ كَلِمَتُ رَبِّكَ عَلَى ٱلَّذِينَ فَسَقُوٓا۟ أَنَّهُمْ لَا يُؤْمِنُونَ

Thus the word of your Lord has come into effect upon those who defiantly disobeyed - that they will not believe.

হে ৰাছুল! ৰূবূবিয়্যাত সম্পৰ্কে আপোনাৰ প্ৰতিপালকৰ কথা যিদৰে সত্য প্ৰমাণিত হৈছে, ঠিক সেইদৰে যিসকলে সত্যৰ পৰা আঁতৰি গৈছে সিহঁতৰ ক্ষেত্ৰতো ভাগ্য সম্পৰ্কে কৰা তোমাৰ প্ৰতিপালকৰ কথা সত্য প্ৰমাণিত হ'ব যে, সিহঁত কেতিয়াও ঈমান পোষণ নকৰিব।

34

قُلْ هَلْ مِن شُرَكَآئِكُم مَّن يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ ۚ قُلِ ٱللَّهُ يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ ۖ فَأَنَّىٰ تُؤْفَكُونَ

Say, "Are there of your 'partners' any who begins creation and then repeats it?" Say, "Allah begins creation and then repeats it, so how are you deluded?"

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কওক যে, তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা সেইবোৰৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ কিবা সৃষ্টি কৰিব পাৰিব, আৰু তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিব পাৰিব? সিহঁতক কওঁক যে, একমাত্ৰ আল্লাহেই এই কাম কৰিবলৈ সক্ষম, আৰু তেৱেঁই মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিব। তেন্তে হে মুশ্বৰিকসকল! তোমালোক কি সত্যৰ পৰা আঁতৰি যোৱা?

35

قُلْ هَلْ مِن شُرَكَآئِكُم مَّن يَهْدِىٓ إِلَى ٱلْحَقِّ ۚ قُلِ ٱللَّهُ يَهْدِى لِلْحَقِّ ۗ أَفَمَن يَهْدِىٓ إِلَى ٱلْحَقِّ أَحَقُّ أَن يُتَّبَعَ أَمَّن لَّا يَهِدِّىٓ إِلَّآ أَن يُهْدَىٰ ۖ فَمَا لَكُمْ كَيْفَ تَحْكُمُونَ

Say, "Are there of your 'partners' any who guides to the truth?" Say, "Allah guides to the truth. So is He who guides to the truth more worthy to be followed or he who guides not unless he is guided? Then what is [wrong] with you - how do you judge?"

হে ৰাছুল! আপুনি সিহঁতক কওঁক যে, তোমালোকে অংশীদাৰ স্থাপন কৰা উপাস্যবোৰৰ মাজত, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা, এনেকুৱা কোনোবা আছে নেকি যিয়ে সত্যৰ পথ দেখুৱায়, আপুনি সিহঁতক জনাই দিয়ক যে, কেৱল একমাত্ৰ আল্লাহেই সত্যৰ পথ দেখুৱায়। তেন্তে কোৱাচোন, কাৰ অনুসৰণ কৰা উচিত, যিয়ে সত্যৰ পথ দেখুৱায় তাৰ, নে তোমালোকৰ সেই উপাস্যবোৰৰ যিসকলে নিজেই কোনো পথ বিচাৰি নাপায় যেতিয়ালৈকে আন কোনোৱে সিহঁতক পথ দেখুৱাই নিদিয়ে? তোমালোকৰ হৈছে কি, কেনেকৈ তোমালোকে অযথা সিদ্ধান্ত লোৱা যে, ইহঁত আল্লাহৰ অংশীদাৰ? সৰ্বশক্তিমান আল্লাহ তাআলা তোমালোকৰ এনেকুৱা অদ্ভূদ দাবীৰ পৰা বহু ঊৰ্দ্ধত।

36

وَمَا يَتَّبِعُ أَكْثَرُهُمْ إِلَّا ظَنًّا ۚ إِنَّ ٱلظَّنَّ لَا يُغْنِى مِنَ ٱلْحَقِّ شَيْـًٔا ۚ إِنَّ ٱللَّهَ عَلِيمٌۢ بِمَا يَفْعَلُونَ

And most of them follow not except assumption. Indeed, assumption avails not against the truth at all. Indeed, Allah is Knowing of what they do.

মুশ্বৰিকসকলৰ অধিকাংশই এনেকুৱা বিষয়ৰ অনুসৰণ কৰে, যি বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল ভ্ৰম আৰু সন্দেহৰ অনুসৰণ কৰি আছে। এতেকে এই কথা নিশ্চিত যে, সন্দেহে কেতিয়াও জ্ঞানৰ স্থান লব নোৱাৰে, আনকি জ্ঞানৰ পৰা অমুখাপেক্ষীও কৰিব নোৱাৰে। সিহঁতে যি কৰিছে নিশ্চয় আল্লাহ সেই সম্পৰ্কে অৱগত। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অচিৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।

37

وَمَا كَانَ هَٰذَا ٱلْقُرْءَانُ أَن يُفْتَرَىٰ مِن دُونِ ٱللَّهِ وَلَٰكِن تَصْدِيقَ ٱلَّذِى بَيْنَ يَدَيْهِ وَتَفْصِيلَ ٱلْكِتَٰبِ لَا رَيْبَ فِيهِ مِن رَّبِّ ٱلْعَٰلَمِينَ

And it was not [possible] for this Qur'an to be produced by other than Allah, but [it is] a confirmation of what was before it and a detailed explanation of the [former] Scripture, about which there is no doubt, from the Lord of the worlds.

এই কোৰআন এনেকুৱা কোনো কিতাপ নহয় যাক মানুহে বনোৱা সম্ভৱ, লগতে আল্লাহৰ বাহিৰে আনৰ লগত ইয়াক সম্পৃক্ত কৰাও উচিত নহয়, কিয়নো মানুহে ইয়াৰ অনুৰূপ কোনো পুথি লিখা সম্ভৱ নহয়। প্ৰকৃততে এই কোৰআনে পূৰ্বে অৱতীৰ্ণ হোৱা কিতাপসমূহৰ সমৰ্থন কৰে আৰু সেই পুথিসমূহৰ বিধানৰ সংক্ষিপ্ত বিৱৰণ প্ৰস্তুত কৰে। ইয়াত কোনো সন্দেহ নাই যে, ই সৃষ্টিজগতৰ প্ৰতিপালক পৱিত্ৰ আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা পুথি।

38

أَمْ يَقُولُونَ ٱفْتَرَىٰهُ ۖ قُلْ فَأْتُوا۟ بِسُورَةٍۢ مِّثْلِهِۦ وَٱدْعُوا۟ مَنِ ٱسْتَطَعْتُم مِّن دُونِ ٱللَّهِ إِن كُنتُمْ صَٰدِقِينَ

Or do they say [about the Prophet], "He invented it?" Say, "Then bring forth a surah like it and call upon [for assistance] whomever you can besides Allah, if you should be truthful."

বৰং মুশ্বৰিকসকলে কয় যে, মুহাম্মদে নিজেই এই কোৰআন ৰচনা কৰিছে, আৰু আল্লাহৰ লগত সম্পৃক্ত কৰিছে। হে ৰাছুল! আপুনি সিহঁতক প্ৰত্যুত্তৰ দি কওঁক যে, তোমালোকৰ দাবী অনুসৰি যদি মই নিজেই এই কোৰআন ৰচিছো- যদিও মই তোমালোকৰ দৰেই এজন মানুহ- তেন্তে তোমালোকেও ইয়াৰ অনুৰূপ এখন ছুৰা প্ৰস্তুত কৰা, সহায়ৰ বাবে তোমালোকে যাক ইচ্ছা মাতি আনা, যদি তোমালোকে নিজৰ এই দাবীত সত্যবাদী যে, এই কোৰআন হৈছে মনেসজা আৰু মিছা পুথি। দৰাচলতে তোমালোকে এয়া কেতিয়াও কৰিব নোৱাৰিবা। যদি তোমালোক বিশিষ্ট ভাষাবিদ হোৱাৰ পিছতো এই কাম কৰিব নোৱাৰা তেন্তে এই কথা প্ৰমাণিত যে, নিশ্চয় কোৰআন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ।

39

بَلْ كَذَّبُوا۟ بِمَا لَمْ يُحِيطُوا۟ بِعِلْمِهِۦ وَلَمَّا يَأْتِهِمْ تَأْوِيلُهُۥ ۚ كَذَٰلِكَ كَذَّبَ ٱلَّذِينَ مِن قَبْلِهِمْ ۖ فَٱنظُرْ كَيْفَ كَانَ عَٰقِبَةُ ٱلظَّٰلِمِينَ

Rather, they have denied that which they encompass not in knowledge and whose interpretation has not yet come to them. Thus did those before them deny. Then observe how was the end of the wrongdoers.

সিহঁতে কোৰআনৰ প্ৰতি সঁহাৰি জনোৱা নাছিল, বৰং বুজা আৰু চিন্তা-চৰ্চা কৰাৰ পূৰ্বেই আৰু যি শাস্তিৰ পৰা সিহঁতক সতৰ্ক কৰা হৈছিল সেই শাস্তিৰ অহাৰ পূৰ্বেই সিহঁতে ইয়াক অস্বীকাৰ কৰিবলৈ ততাতৈয়া কৰিছিল। অথচ সেই শাস্তি অহাৰ সময় সন্নিকট হৈ পৰিছিল। ইহঁতৰ দৰেই পূৰ্বৱৰ্তী সম্প্ৰদায়সকলেও অস্বীকাৰ কৰিছিল। ফলত সিহঁতে শাস্তিৰ সন্মুখীন হৈছিল। এতেকে হে ৰাছুল! চিন্তা কৰক, অস্বীকাৰকাৰী সম্প্ৰদায়ৰ শেষ পৰিণতি কেনেকুৱা আছিল? নিশ্চিতৰূপে আল্লাহে সিহঁতক ধ্বংস কৰিছে।

40

وَمِنْهُم مَّن يُؤْمِنُ بِهِۦ وَمِنْهُم مَّن لَّا يُؤْمِنُ بِهِۦ ۚ وَرَبُّكَ أَعْلَمُ بِٱلْمُفْسِدِينَ

And of them are those who believe in it, and of them are those who do not believe in it. And your Lord is most knowing of the corrupters

মুশ্বৰিকসকলৰ মাজৰ কিছুমানে মৃত্যুৰ পূৰ্বে কোৰআনৰ প্ৰতি ঈমান পোষণ কৰিব, কিন্তু আন কিছুমানে অহংকাৰ আৰু স্বৈৰাচাৰীতাৰ ফলত ঈমান পোষণ নকৰিব, অৱশেষত সিহঁত সেই অৱস্থাতে মৃত্যুবৰণ কৰিব। হে ৰাছুল! কুফূুৰীক খামুচী ধৰা লোকসকলক আপোনাৰ প্ৰতিপালকে ভালদৰেই জানে। আৰু সিহঁতক সিহঁতৰ কুফুৰী কাৰ্যৰ প্ৰতিদান অৱশ্যে দিব।

Commentary: Al-Mukhtasar in Interpreting the Noble Qur'an by Tafsir Center for Quranic Studies. Qur'an text and translation via AlQuran Cloud.